সাধাৰণতে, চালমন, মেকেৰেল, টুনা আৰু চাৰ্ডিনৰ দৰে মাছক অমেগা-৩ ফেটি এচিডৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয় । অৱশ্যে, সকলোৰে বাবে চৰ্বিযুক্ত মাছ খোৱাটো সম্ভৱ নহয় । এনে ক্ষেত্ৰত যিসকলে নিৰামিষ আহাৰ অনুসৰণ কৰে, তেওঁলোকে কেনেদৰে ওমেগা-৩ ফেটি এচিড লাভ কৰিব ? জানক বিশেষজ্ঞসকলে কি কয়-
ওমেগা-৩ ফেটি এচিডযুক্ত নিৰামিষ খাদ্য-
চয়াবীন-
প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চয়াবীন খোৱা হয় । কিন্তু বহুতেই নাজানে যে ইয়াত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি হৃদৰোগৰ আশংকা হ্ৰাস কৰে আৰু হাড় শক্তিশালী কৰে ।
চিয়া চীডছ-
চিয়া বীজ উদ্ভিদভিত্তিক ওমেগা-৩ ফেটি এচিড বিশেষকৈ আলফা-লিনোলেনিক এচিডৰ অন্যতম উত্তম উৎস । মগজুৰ স্বাস্থ্যৰ বাবে ই অতি প্ৰয়োজনীয় আৰু ই প্ৰদাহ কমোৱা, কলেষ্টেৰলৰ মাত্ৰা কমোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে ।
আখৰোট-
শীতকালত আখৰোট খালে শৰীৰ গৰম হৈ থাকে, ই ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিডৰ মাজত এক উৎকৃষ্ট ভাৰসাম্য প্ৰদান কৰে । নিয়মিতভাৱে আখৰোট সেৱনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে, মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে আৰু কিছুমান দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।
মেথি গুটি-
মেথি গুটিক আলফা-লিনোলেনিক এচিড নামৰ ওমেগা-৩ ফেটি এচিডৰ উৎকৃষ্ট উৎস বুলি ধৰা হয় । ইয়াৰ ফলত আমাৰ হজম শক্তি উন্নত হয় আৰু লগতে হৃদৰোগ প্ৰতিৰোধ হয় । ইয়াৰ উপৰিও চুলি আৰু ছালৰ সৌন্দৰ্য্যৰ বাবেও ই উপকাৰী ।