ঘৰৰ মাটিত নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লীন ছুইপেৰে পৰাস্ত হোৱাৰ পিছত এতিয়া ভাৰতীয় দলটো অষ্ট্ৰেলিয়া ভ্ৰমণলৈ সাজু হৈছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া খেলৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব । কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ ওলাইছে ।
এই শৃংখলাৰ প্ৰথমখন টেষ্টত খেলিব নোৱাৰিব অধিনায়ক ৰোহিত শৰ্মাই । সোমবাৰে (১১ নৱেম্বৰ) সংবাদ মেলত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে ৰোহিতৰ অনুপস্থিতিকে ধৰি সকলো প্ৰশ্নৰ উত্তৰ দিয়ে । লগতে তেওঁ যদি ৰোহিত নাথাকে তেন্তে কোনে অধিনায়কত্ব কৰিব আৰু কোনে অ’পেনিংত দায়িত্ব ল’ব সেই বিষয়ে জনায় ।
গম্ভীয়ে কয়, ‘ৰোহিত শৰ্মাৰ বিষয়ে এতিয়াও কোনো নিশ্চিতকৰণ হোৱা নাই । আশাকৰোঁ তেওঁ উপলব্ধ হ’ব । শৃংখলা আৰম্ভ হোৱাৰ আগতেই সকলো গম পাব ।‘ প্ৰশিক্ষক গম্ভীৰে এই কথা পোনপটীয়াকৈ কোৱা নাছিল যদিও ৰোহিত যে প্ৰথম টেষ্টৰ বাহিৰত থাকিব সেয়া স্পষ্ট । তেওঁ এতিয়াও অষ্ট্ৰেলিয়া যোৱা নাই ।
কে এল ৰাহুলৰ বিষয়েও মন্তব্য কৰে প্ৰশিক্ষক গম্ভীৰে । তেওঁ কয়, ‘কে এল ৰাহুলে অপেনিং কৰিব পাৰে । ৩ নম্বৰত বেটিং কৰিব পাৰে, ৬ নম্বৰতো বেটিং কৰিব পাৰে । এইটো এটা ভাল কথা, বহু খেলুৱৈয়ে এনে বিকল্প দিব নোৱাৰে ।‘ এই বক্তব্যৰ পৰা আমি বুজিব পাৰোঁ যে ৰাহুলে প্ৰথম টেষ্টত ৫ নম্বৰত আহিব পাৰে । আনহাতে প্ৰশিক্ষকে যশস্বী জয়ছোৱালক অপেনিঙত আঁতৰাব নিবিচাৰিব । অভিমন্যুক তেওঁৰ লগত পঠিওৱাৰ সম্ভাৱনা আছে ।
প্ৰথম টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ-
যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰণ, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল/চৰফৰাজ খান, ঋষভ পন্ট (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, যশপ্ৰীত বুমৰাহ (অধিনায়ক), মহম্মদ চিৰাজ আৰু হৰ্ষিত ৰাণা ।
ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ (নৱেম্বৰ ২০২৪ – জানুৱাৰী ২০২৫)
২২–২৬ নৱেম্বৰ : প্ৰথম টেষ্ট, পাৰ্থ
৬–১০ ডিচেম্বৰ: দ্বিতীয় টেষ্ট, এডিলেইড
১৪–১৮ ডিচেম্বৰ: তৃতীয় টেষ্ট, ব্রিছবেন
২৬–৩০ ডিচেম্বৰ: চতুৰ্থ টেষ্ট, মেলবৰ্ণ
০৩-০৭ জানুৱাৰী: পঞ্চম টেষ্ট, ছিডনী