আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে দিল্লী কেপিটেলছে মুঠ চাৰিজন খেলুৱৈক ৰাখিছে । এই ৪ গৰাকী খেলুৱৈৰ নাম অক্ষৰ পেটেল, ত্ৰিষ্টান ষ্টাবছ, অভিষেক পোৰেল আৰু কুলদীপ যাদৱ । নিলামৰ তাৰিখ ওচৰ চাপি আহিছে আৰু ঋষভ পন্টৰ মুক্তিৰ পিছত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল দিল্লী ফ্ৰেঞ্চাইজিয়ে কোনজন খেলুৱৈক নিজৰ অধিনায়ক নিযুক্তি দিব । এতিয়া এটা সংবাদ মাধ্যমৰ বাতৰি ওলাইছে, য’ত দাবী কৰা হৈছে যে অক্ষৰ পেটেলক দিল্লীৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি আগন্তুক ছিজনত অক্ষৰ পেটেলে দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব ল’ব পাৰে । ২০২৪ চনৰ আই পি এলত যেতিয়া ঋষভ পণ্টক লেহেমীয়া অভাৰ ৰেটৰ বাবে আৰ চি বিৰ বিৰুদ্ধে খেলৰ পৰা তিনিবাৰ নিলম্বিত কৰা হৈছিল, তেতিয়া পণ্টৰ ঠাইত অক্ষৰ পেটেলে দিল্লীৰ অধিনায়কত্ব কৰিছিল । আগন্তুক ছিজনৰ বাবে ১৬.৫ কোটি টকাৰ বিনিময়ত অক্ষৰ পেটেলক ৰিটেইন কৰা হৈছে । সেয়েহে তেওঁ দিল্লীয়ে ৰিটেইন কৰা আটাইতকৈ দামী খেলুৱৈ । ইয়াৰ দ্বাৰা দিল্লী ফ্ৰেঞ্চাইজি অক্ষৰৰ ওপৰত আস্থা ৰাখিবলৈ সাজু হোৱাৰ ইংগিতো পোৱা গৈছে ।
দিল্লীৰ তাৰকা হৈ পৰিছে অক্ষৰ পেটেল-
২০১৯ চনৰ পৰা দিল্লী কেপিটেলছৰ হৈ খেলি আহিছে অক্ষৰ পেটেলে । ডি চি ফ্ৰেঞ্চাইজিক প্ৰতিনিধিত্ব কৰি তেওঁ মুঠ ৮২খন মেচ খেলিছে, য’ত তেওঁৰ নামত ৯৬৭ ৰান আৰু ৬২ উইকেট আছে । দিল্লীৰ হৈ খেলি আই পি এলত সৰ্বাধিক সফলতা অৰ্জন কৰিছে পেটেলে । ইয়াৰ পূৰ্বে পঞ্জাব কিংছৰ হৈ ৬৮খন মেচত ৬৮৬ ৰান সংগ্ৰহ কৰাৰ উপৰি ৬১টা উইকেটো দখল কৰিছিল অক্ষৰে ।
যদি অক্ষৰ পেটেলে দিল্লী কেপিটেলছৰ অধিনায়কত্ব লাভ কৰে, তেন্তে তেওঁ হ’ব ভাৰতৰ প্ৰথমজন অল-ৰাউণ্ডাৰ খেলুৱৈ যিয়ে আই পি এলত দিল্লী দলৰ অধিনায়কত্ব লাভ কৰিব । জেমছ হোপছ আৰু জে পি ডুমিনী দুজন অল-ৰাউণ্ডাৰ যিয়ে দিল্লীৰ অধিনায়কত্ব কৰিছে যদিও এতিয়ালৈকে কোনো ভাৰতীয় অল-ৰাউণ্ডাৰে এই দায়িত্ব পোৱা নাই । বীৰেন্দ্ৰ ছেহৱাগ, গৌতম গম্ভীৰৰ দৰে বেটছমেন আৰু জাহীৰ খানৰ দৰে কিংবদন্তি বলাৰেও ডি চিৰ দায়িত্ব লৈছিল । কিন্তু অক্ষৰে অল ৰাউণ্ডাৰ খেলুৱৈ হোৱাৰ বাবে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰিব পাৰে ।