আপোনাৰ ঘৰত থকা ৱাই-ফাই এতিয়া আগৰ তুলনাত বেছি দ্ৰুত হ’ব।কাৰণ চৰকাৰে ৬ গিগাহাৰ্টজ স্পেকট্ৰম বেণ্ডৰ এটা অংশ অনুজ্ঞাপত্ৰবিহীন ভাৱে ব্যৱহাৰৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।
ইয়াৰ ফলত ৱাই-ফাইৰ বাবে অতিৰিক্ত ৫০০ মেগাহাৰ্টজ স্পেকট্ৰম উপলব্ধ হ’ব আৰু ইণ্টাৰনেটৰ গতি আৰু নেটৱৰ্ক উন্নত হ’ব।
ইয়াৰ বাবে দূৰসংযোগ বিভাগে খচৰা নিয়ম জাৰি কৰি ১৫ জুনৰ ভিতৰত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।ইয়াৰ পিছত এই নিয়ম কাৰ্যকৰী কৰা হ’ব।
খচৰাত উল্লেখ কৰা হৈছে যে এই নিয়মসমূহ ৫৯২৫ – ৬৪২৫ মেগাহাৰ্টজ বেণ্ডত প্ৰযোজ্য হ’ব।৬ গিগাহাৰ্টজ বেণ্ডত ইণ্টাৰনেটৰ গতি ৯.৬ জিবিপিএছ পৰ্যন্ত হ’ব পাৰে।
৫ গিগাহাৰ্টজ বেণ্ডত সৰ্বোচ্চ গতি মাত্ৰ ১.৩ জিবিপিএছ, আনহাতে ২.৪ গিগাহাৰ্টজ বেণ্ডত মাত্ৰ ৬০০ এমবিপিএছ উপলব্ধ।
ইতিমধ্যে আমেৰিকা, ব্ৰিটেইন আৰু দক্ষিণ কোৰিয়াৰ দৰে ৮৪খনতকৈও অধিক দেশে ৱাই-ফাই ব্যৱহাৰৰ বাবে এই বেণ্ডটো মুকলি কৰিছে।
এতিয়ালৈকে ভাৰতত ৱাই-ফাই ২.৪ গিগাহাৰ্টজ আৰু ৫ গিগাহাৰ্টজ বেণ্ডত চলি আছিল, যিবোৰ এতিয়া ভিৰ হৈ পৰিছে।
এনে পৰিস্থিতিত ৬ গিগাহাৰ্টজ বেণ্ডে উচ্চ গতিৰ গেমিং, স্মাৰ্ট ডিভাইচ আৰু এ আৰ/ভি আৰৰ দৰে আধুনিক প্ৰযুক্তিৰ বাবে গেম-চেঞ্জাৰ বুলি প্ৰমাণ কৰিব পাৰে।