লকআপত পাব সুস্বাদু খাদ্য
মেঘালয়ৰ সোহৰা (পূৰ্বতে চেৰাপুঞ্জী) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হিচাবে জনাজাত । এই ঠাইখন এতিয়া আন এক কাৰণত বাতৰিৰ শিৰোনামলৈ আহিছে । ইয়াৰ ১৪০ বছৰীয়া থানাখন এতিয়া ট্ৰেণ্ডি কেফেলৈ ৰূপান্তৰিত হৈছে । এসময়ত ব্ৰিটিছ শাসনৰ সময়ত ভয় আৰু শাস্তিৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এই থানাখনৰ লক-আপ এতিয়া সুস্বাদু খাদ্য আৰু স্মৰণীয় অভিজ্ঞতাৰ স্থানত পৰিণত হৈছে ।
কেফেখনৰ নাম ‘Sohra 1885’। এই থানাখন ১৮৮৫ চনত স্থাপিত হৈছিল । এইখনেই মেঘালয়ৰ আটাইতকৈ পুৰণি থানা, যিখন এতিয়া হেৰিটেজ কেফেলৈ ৰূপান্তৰিত হৈছে । বিশেষ কথাটো হ’ল এই ঠাইখন কেফেলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ আৰক্ষী বিষয়াসকলে নিজেই লৈছিল, যাতে আৰক্ষী বাহিনীৰ স্বাৰ্থত অতিৰিক্ত উপাৰ্জন হ’ব পাৰে ।
এই অনন্য প্ৰচেষ্টাৰ কৃতিত্ব পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছায়ামৰ । তেওঁ কয় যে ডি এছ পি পদত থকাৰ সময়ত তেওঁ এই ঐতিহ্য ভৱনটোৰ সৈতে নতুন আৰু ইতিবাচক কিবা এটা কৰাৰ কথা ভাবিছিল । এই প্ৰস্তাৱে আৰক্ষী বিভাগৰ সমৰ্থন লাভ কৰে আৰু চৰকাৰে নতুন থানা ভৱন নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ।
ইয়াৰ পিছত পুৰণি থানাখন ব্যৱসায়িক কামত ব্যৱহাৰ কৰাৰ কাম আৰম্ভ হয় । দুবছৰ পূৰ্বে নিবিদা প্ৰক্ৰিয়াৰ অন্তত যুৱ উদ্যোগী নাফি নংৰুমক অংশীদাৰ হিচাপে লোৱা হৈছিল, যিয়ে এই থানাখনক ‘সোহৰা ১৮৮৫’ নামৰ কেফেলৈ ৰূপান্তৰিত কৰিছিল । য’ত পৰিৱেশন কৰা হয় সুস্বাদু খাদ্য ।
নংৰুমে কয় যে কেফেখনৰ ভিতৰৰ অংশ ব্ৰিটিছ যুগৰ বিষয়বস্তুৰ ওপৰত সজাই তোলা হৈছে । থানাৰ পুৰণি লকআপবোৰ এতিয়া ডাইনিং এৰিয়াত পৰিণত হৈছে । ব্ৰিটিছ যুগৰ পুৰণি চেফ, মজিয়া আৰু জুইশলাও সংৰক্ষণ কৰা হৈছে । ২০০ কিলোগ্ৰাম ওজনৰ এটা ছেফক পুনৰ ৰং কৰা হৈছে আৰু আকৰ্ষণীয় ৰূপ দিয়া হৈছে ।
কেফেখনত বহাৰ ক্ষমতা প্ৰায় ১০০ জন । ২২ মে’ত উদ্বোধন হোৱাৰ পিছৰে পৰা এই ঠাইখন স্থানীয় লোক আৰু পৰ্যটকৰ মাজত জনপ্ৰিয় হৈ পৰিছে । কেৱল কেফে নহয়, ইতিহাস, ঐতিহ্য আৰু আতিথ্যৰ এক আচৰিত মিশ্ৰণ । ইয়াত মানুহে লকআপৰ দৰে ঠাইত বহি সুস্বাদু খাদ্য খোৱাৰ অনন্য অভিজ্ঞতা লাভ কৰিছে ।
লগতে পঢ়ক : অধিক ভয়াৱহ হৈ পৰিছে উত্তৰ-পূবৰ বান পৰিস্থিতি: এতিয়ালৈকে ৪৩ জনৰ মৃত্যু, সাত লাখ লোক ক্ষতিগ্ৰস্ত