মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত মৃত্যু
মাৰাথন দৌৰবিদ ফৌজা সিঙৰ সোমবাৰে মৃত্যু হয়। পঞ্জাৱৰ জলন্ধৰ জিলাৰ জন্ম গাঁৱত ফৌজা সিঙে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন অচিনাকি বাহনে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়।
তেওঁৰ বয়স আছিল ১১৪ বছৰ।তেওঁৰ মৃত্যু লেখক খুছৱন্ত সিঙে নিশ্চিত কৰিছে। পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক গুলাব চান্দ কাটাৰিয়াই দৌৰবিদ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।
পঞ্জাৱৰ ৰাজ্যপালগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত লিখিছে-‘মাৰাথন দৌৰবিদ তথা অধ্যৱসায়ৰ প্ৰতীক চৰ্দাৰ ফৌজা সিঙৰ জলন্ধৰত পথ দুৰ্ঘটনাত মৃত্যু হৈছে, তেওঁ মোৰ লগত অতুলনীয় উৎসাহেৰে নিছা মুক্তি, ৰঙালা পঞ্জাৱৰ পদযাত্ৰাত যোগ দিছিল। তেওঁৰ এই উত্তৰাধিকাৰ ড্ৰাগছমুক্ত পঞ্জাৱৰ বাবে প্ৰেৰণা হৈ থাকিব।
দৌৰবিদ গৰাকীৰ জীৱনী ‘The Turbaned Tornado’, পঞ্জাৱ ৰাজ্যৰ প্ৰাক্তন তথ্য আয়ুক্ত খুছৱন্ত সিঙে লিখিছিল। এতিয়া তেওঁৰ মৃত্যুৰ খবৰ জানিব পাৰি সামাজিক মাধ্যমত খুছৱন্ত সিঙে লিখিছে যে, ‘মোৰ টাৰ্বেনড টৰ্নেডো আৰু নাই।’
অতি দুখেৰে তেওঁৰ মৃত্যুৰ খবৰটো শ্বেয়াৰ কৰিব লগা হৈছে।সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত নিজ গাঁৱৰ বিয়াছত পথ পাৰ হৈ যাওঁতে এখন অচিনাকি বাহনে খুন্দা মাৰে।মোৰ প্ৰিয় ফৌজা, আপোনাৰ আত্মাই শান্তি লাভ কৰক।’
১৯১১ চনৰ ১ এপ্ৰিলত পঞ্জাৱৰ জলন্ধৰ জিলাৰ বিয়াছ পিণ্ডত ফৌজা সিঙে জন্মগ্ৰহণ কৰিছিল। তেওঁ ৯০ বছৰ বয়সৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰিছিল।
এই বয়সত তেওঁৰ মাৰাথন দৌৰৰ সিদ্ধান্তই মানুহক আচৰিত কৰি তুলিছিল।সাহস আৰু দৃঢ়তাৰ বাবে ফৌজা সিং ‘টাৰ্বানেড টৰ্নেডো’ নামেৰে বিখ্যাত হৈছিল।
লগতে পঢ়ক:‘৫০ দিনত ইউক্ৰেইনৰ পৰা যুদ্ধ শেষ কৰক, অন্যথা কৰা হ’ব ১০০% শুল্ক আৰোপ’; ৰাছিয়াক ভাবুকি ট্ৰাম্পৰ