ৱায়ানাড লোকসভাৰ উপ-নিৰ্বাচন এতিয়াও চৰ্চিত বিষয় হৈয়ে আছে । সকলোৰে দৃষ্টি এই সমষ্টিত । ৰাহুল গান্ধীয়ে এই আসনখন খালী কৰাৰ পিছত এইবাৰ কংগ্ৰেছে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । বিয়লি ৪ বজালৈকে নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰিয়ংকা ৪ লাখ ১০ হাজাৰ ভোটত আগবাঢ়ি আছে । তেওঁৰ ৬ লাখৰো অধিক ভোট লাভ কৰাৰ বিপৰীতে চি পি আইৰ সত্যন মোকেৰীয়ে ২ লাখৰো অধিক ভোট লাভ কৰিছে । একে সময়তে তৃতীয় স্থানত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ নব্য হৰিদাস, তেওঁ ১ লাখতকৈও কম ভোট লাভ কৰিছে । ভোট গণনা এতিয়াও চলি আছে ।
২০২৪ চনৰ ৱায়ানাড লোকসভাৰ উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰতিদ্বন্দ্বীক প্ৰায় ৪ লাখ ভোটৰ ব্যৱধানত পিছ পেলাই আগবাঢ়ি যোৱা দেখা গৈছে । ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে প্ৰিয়ংকাই । এই ৱায়ানাড লোকসভাৰ আসনত মুঠ ১৬ জন প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰি আছে যদিও প্ৰিয়ংকা গান্ধীৰ অগ্ৰগতিয়ে প্ৰতিদ্বন্দ্বিতা একপক্ষীয় কৰি তুলিছে । যদি প্ৰিয়ংকা গান্ধীয়ে জয়ী হয়, তেন্তে এই জয় কংগ্ৰেছ দলৰ বাবে ইতিবাচক হ’ব পাৰে আৰু প্ৰিয়ংকাৰ আত্মবিশ্বাস বাঢ়িব । এই ফলাফলে আগন্তুক নিৰ্বাচনত দলৰ কৌশল আৰু নেতৃত্বত প্ৰভাৱ পেলাব পাৰে ।
এনি ৰাজাক ৩ লাখ ভোটৰ বিপুল ব্যৱধানত পৰাস্ত কৰিছিল ৰাহুল গান্ধীয়ে-
ৰাহুল গান্ধীয়ে ৱায়ানাড লোকসভা নিৰ্বাচনত ৬,৪৭,৪৪৫ টা ভোট লাভ কৰি বৃহৎ জয় সাব্যস্ত কৰিছিল । তেওঁ চি পি আইৰ এনি ৰাজাক ৩,৬৪,৪২২ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । আনহাতে, বিজেপিৰ প্ৰাৰ্থী কে সুৰেন্দ্ৰনে ১,৪১,০৪৫টা ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰিছিল ।
ভাতৃ ৰাহুল গান্ধীৰ ঠাইত প্ৰিয়ংকাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে-
২০১৯ চনৰ লোকসভা নিৰ্বাচনতো ৱায়ানা় আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ৰাহুল গান্ধীয়ে এক ঐতিহাসিক বিজয় পঞ্জীয়ন কৰে । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী চি পি আই (এম)ৰ পি পি সুনীৰক ৪,৩১,৭৭০ ভোটৰ বিপুল ব্যৱধানত পৰাস্ত কৰে । এই ব্যৱধান ভাৰতীয় নিৰ্বাচনী ইতিহাসৰ অন্যতম বৃহৎ জয়ৰ ব্যৱধান আছিল । ৰাহুল গান্ধীয়ে লাভ কৰে প্ৰায় ৭,০৬,৩৬৭টা ভোট । আনহাতে, পি পি সুনিৰে প্ৰায় ২,৭৪,৫৯৭ টা ভোট লাভ কৰে । ২০২৪ চনৰ ৱায়ানাড উপ-নিৰ্বাচনত এই আসন দখল কৰি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰথমটো লোকসভা নিৰ্বাচনত শক্তিশালী অগ্ৰগতি বজাই ৰাখিছে ।