ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ অন্তৰ্ভুক্ত বিৰোধী সদস্যসকলে সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে । ইয়াৰ মাজতে বিৰোধী সদস্যসকলে জে পি চিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ দাবী জনায় । কেৱল এয়াই নহয়, এইসকল সদস্যই কমিটীৰ অধ্যক্ষ জগদাম্বিকা পালৰ বিষয়ে অধ্যক্ষৰ ওচৰত অভিযোগ কৰি এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত খৰখেদাকৈ কাৰ্যক্ৰম হাতত লোৱাৰ অভিযোগ উত্থাপন কৰে ।
লোকসভাৰ অধ্যক্ষলৈ দাখিল কৰা স্মাৰক পত্ৰখনত বিৰোধীয়ে কমিটীৰ কাৰ্যকাল বৃদ্ধি কৰিবলৈ আবেদন জনাইছে, যাতে বিধেয়কখনৰ ওপৰত বিতংভাৱে আলোচনা কৰিব পৰা যায় । ডি এম কে সাংসদ এ ৰাজাই অধ্যক্ষক সাক্ষাৎ কৰি কয় যে আমি তেওঁক স্পষ্টকৈ জনাইছিলো যে সমিতিৰ অধ্যক্ষই শুদ্ধ পদ্ধতি অনুসৰণ কৰা নাই আৰু খৰখেদাকৈ কাৰ্যবিধি আগবঢ়াবলৈ চেষ্টা কৰিছে ।
অধ্যক্ষক সাক্ষাৎ কৰা কমিটীৰ সদস্যসকলৰ ভিতৰত ডি এম কে নেতা এ ৰাজা আৰু এম আব্দুল্লাৰ উপৰিও কংগ্ৰেছৰ চৈয়দ নাছিৰ হুছেইন, মহম্মদ জাভেদ আৰু ইমৰাণ মাছুদ উপস্থিত থাকে । ইয়াৰ উপৰিও তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু এম নাদিমুল হক, আম আদমি পাৰ্টিৰ পৰা সঞ্জয় সিং, এছ পিৰ পৰা মহিবুল্লাহ আৰু এ আই এম আই এমৰ পৰা আছাদুদ্দিন ওৱেছীও উপস্থিত আছিল ।
এ ৰাজাই কয় যে জগদম্বিকাই জে পি চিৰ সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰা নাই আৰু ঘোষণা কৰিছিল যে তেওঁ ২৯ নৱেম্বৰত নিজেই সংসদৰ সন্মুখত এই প্ৰতিবেদন উপস্থাপন কৰিব । তেওঁ কয়, “জে পি চিৰ বহুতো নিয়ম-কানুন আছে । ইয়াত প্ৰস্তাৱিত বিধেয়কৰ প্ৰতিটো ধাৰাৰ ওপৰত ভোটদানৰ প্ৰক্ৰিয়া আৰু বিৰোধীতাত উত্থাপিত কণ্ঠস্বৰ অন্তৰ্ভুক্ত আছে । এই সকলোবোৰ কৰিব লাগিব ।”