প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফ সংশোধনী আইনখনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে । তেওঁ কয় যে ৱাকফ (সংশোধনী) আইনখন তেওঁৰ চৰকাৰৰ সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ । ২০১৩ চনত পূৰ্বৰ আইনখন ভূমি মাফিয়া আৰু মুছলমান মৌলবাদীক সন্তুষ্ট কৰিবলৈ প্ৰণয়ন কৰা হৈছিল । এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদত এই বিষয়ত হোৱা বিতৰ্কত তুষ্টিকৰণৰ ৰাজনীতি প্ৰতিফলিত হৈছে ।
বিৰোধী দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৯৪৭ চনত দেশ বিভাজনৰ আঁৰত একেই মনোভাৱ আছিল । যেতিয়া একাংশ কংগ্ৰেছ নেতাই উগ্ৰ ধাৰণাক প্ৰচাৰ কৰিছিল । আনহাতে সাধাৰণ মুছলমানসকলে এই কথাত সন্মতি প্ৰকাশ কৰা নাছিল । সাধাৰণ মুছলমান আৰু তেওঁলোকৰ মাজৰ দুখীয়া আৰু পিছপৰাসকলে কেৱল অৱহেলা, শিক্ষাৰ অভাৱ আৰু নিবনুৱা সমস্যাহে পাইছিল, আনহাতে মৌলবাদীসকলক সন্তুষ্ট কৰিবলৈ নাৰীৰ সাংবিধানিক অধিকাৰ বলিদান দিয়া হৈছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৩ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে প্ৰণয়ন কৰা ৱাকফ আইনখনে এই আইনখন সংবিধানৰ ওপৰত বুলি ভ্ৰমৰ সৃষ্টি কৰিছিল । এই আইনখন ন্যায়ৰ বাবে আছিল যদিও ভয়ৰ কাৰণ হৈ পৰিল । সংশোধিত আইনখন সমাজ আৰু মুছলমান সমাজৰ স্বাৰ্থত । এই আইন প্ৰণয়নৰ বাবে সংসদক অভিনন্দন জনাই তেওঁ কয় যে সংসদীয় ইতিহাসৰ দ্বিতীয় দীঘলীয়া বিতৰ্ক হয় ।
ভাৰতে মূৰ তল নকৰেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চলিত বৰ্ষৰ প্ৰথম ১০০ দিনত তেওঁৰ চৰকাৰে নিজৰ নীতিৰে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে । এতিয়া ভাৰতে মূৰ তলো নকৰে ৰৈয়ো নাযায় । দ্ৰুত বিকাশৰ বাবে শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তা অতি প্ৰয়োজনীয় । চৰকাৰে সন্ত্ৰাসবাদ আৰু নক্সালবাদক ৰোধ কৰিছে ।
তেওঁ কয় যে জম্মু-কাশ্মীৰত শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি আৰু সংবেদনশীলতা প্ৰদৰ্শন কৰা হৈছে । এদিন বা দুদিনত ২০২৫ চনৰ ১০০ দিনৰ অন্ত পৰিব । যিসকলে ভাৰতে লাহে লাহে আৰু স্থিৰ গতিৰে আগবাঢ়িব বুলি ভাবিছিল, তেওঁলোকে দেখিবলৈ পাইছে এখন দ্ৰুত আৰু নিৰ্ভীক ভাৰত । এই ১০০ দিনত চৰকাৰে লোৱা সিদ্ধান্তই যুৱ প্ৰজন্মৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে, যিয়ে ভৱিষ্যতৰ বাবেও এক সুদৃঢ় ভেটি স্থাপন কৰিছে ।