শুকুৰবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।
এই প্ৰতিবাদৰ ফলত পথ আৰু ৰে’ল যাতায়ততো ব্যাঘাত জন্মায়।প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰি থকা অৱস্থাত আহত হয় প্ৰায় ১০ জন আৰক্ষীৰ লোক।অৱশ্যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰিত আছে বুলি আৰক্ষীয়ে জনায়।
বৃহস্পতিবাৰে বংগ আৰক্ষীয়ে সূতি আৰু শ্বামশ্বেৰগঞ্জ অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি জানিবলৈ দিয়ে।আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত পুনৰ আৰম্ভ কৰিছে।
হিংসাত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰতিবাদকাৰী সকলক ধৰিবলৈ ইতিমধ্যে অভিযান চলাইছে।
লগতে উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।আৰক্ষীয়ে ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে শুকুৰবাৰৰ নামাজৰ অন্তত একাংশ লোকে শ্বামশ্বেৰগঞ্জত সমবেত হৈ ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ-১২ অৱৰোধ কৰে।
তাৰ পিছত এই প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হয়, যেতিয়া একাংশ লোকে আৰক্ষীৰ বাহনখনত শিলগুটি নিক্ষেপ কৰিছিল, যাৰ বাবেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়।