শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দল । ইয়াৰ বাবে ভাৰতীয় দলটোৱে ১০ বছৰৰ পাছত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুৱাই । লগতে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ চলিত চক্ৰৰ ফাইনেলত প্ৰৱেশটো ব্যৰ্থ হয় । অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১১ জানুৱাৰী (দেওবাৰ)ত মুম্বাইত পুনৰীক্ষণ বৈঠক আহ্বান কৰে ।
বৈঠকত কোহলী-ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা হয়-
এই বৈঠকৰ উদ্দেশ্য আছিল অষ্ট্ৰেলিয়া ভ্ৰমণত টিম ইণ্ডিয়াৰ কি ভুল হ’ল সেই কথা পৰ্যালোচনা কৰা । এই পৰ্যালোচনা বৈঠকত অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিন্নি, সচিব দেৱজিৎ শইকীয়া আৰু উপাধ্যক্ষ ৰাজীৱ শুক্লাই অংশগ্ৰহণ কৰে । এই বৈঠক প্ৰায় ২ ঘণ্টা ধৰি চলে । এই সময়ছোৱাত মেনেজমেণ্টে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ পৰ্যালোচনাও কৰে, য’ত ৰোহিত ব্ৰিগেডে ঘৰুৱা ক্ষেত্ৰত টেষ্ট শৃংখলাত ০-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
সূত্ৰ অনুসৰি এই বৈঠকত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ প্ৰদৰ্শনৰ বিষয়ে আলোচনা কৰা হয় । বুজা গৈছে যে দুয়োজন খেলুৱৈকে খেলপথাৰত ভাল প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে । ইয়াৰ উপৰিও বৈঠকত ৰোহিত শৰ্মাৰ অধিনায়কত্ব সন্দৰ্ভতো আলোচনা কৰা হয় । বৈঠক সন্দৰ্ভত প্ৰকাশিত এক তথ্য অনুসৰি এক সূত্ৰই কয় যে, ‘এতিয়া একো হ’ব নোৱাৰি, কিন্তু চেম্পিয়নছ ট্ৰফীৰ পিছত অধিনায়কত্বৰ ক্ষেত্ৰত মেনেজমেণ্টে সিদ্ধান্ত ল’ব পাৰে । যদি কথাবোৰ সলনি নহয় তেন্তে অধিনায়কত্বৰ সন্দৰ্ভত কিছু ব্যৱস্থা লোৱা হ’ব পাৰে ।‘
সূত্ৰটোৱে আৰু কয়, ‘বিৰাট কোহলীৰ ক্ষেত্ৰত যিমানদূৰলৈকে তেওঁ কিছু ৰান সংগ্ৰহ কৰাটোও প্ৰয়োজন । কিন্তু দুয়োজনেই টেষ্টৰ বাহিৰত থাকিব বুলি মই নাভাবো । চেম্পিয়নছ ট্ৰফীত প্ৰদৰ্শনৰ ওপৰত সকলো নিৰ্ভৰ কৰে । খেলুৱৈসকলে দ্বিপাক্ষিক শৃংখলা আৰু ঘৰুৱা প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাত দল পৰিচালনা সুখী নহয় । সূত্ৰটোৱে জনোৱা মতে, এনে খেলুৱৈক বাছনি কৰা নহ’ব । ঘৰুৱা মেচত অংশগ্ৰহণ কৰিব লাগিব খেলুৱৈয়ে । খেলুৱৈ আৰু নিৰ্বাচকসকলকো এই সন্দৰ্ভত কঠোৰভাৱে অৱগত কৰা হৈছে ।
বেটছমেনৰ প্ৰদৰ্শনৰ ওপৰতো গুৰুত্বসহকাৰে আলোচনা-
সূত্ৰটোৱে আৰু কয়, ‘সভাত দলটোৰ প্ৰদৰ্শনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছিল, বিশেষকৈ বেটিং লাইন আপৰ বিষয়ে । মেনেজমেণ্টে বুজিব বিচাৰিছিল যে ভাৰতীয় বেটছমেনসকলে শক্তিশালী লাইন আপ থকাৰ পিছতো কিয় ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল । লগতে মূল কাৰণ আৰু ইয়াৰ সমাধানৰ বিষয়েও আলোচনা কৰা হয় । সকলো কথা বিবেচনা কৰা হৈছে আৰু চেম্পিয়নছ ট্ৰফীৰ লগে লগে কিছু পদক্ষেপ গ্ৰহণ কৰা হ’ব । এজন সদস্যই লগতে কয় যে দলটোৱে ঘৰুৱা ক্ষেত্ৰত শৃংখলাত পৰাস্ত হৈছিল, যাৰ ফলত কিবা এটা ভুল হোৱা দেখা গৈছিল আৰু তেওঁ এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছিল ।