ভাৰত আৰু নিউজীলেণ্ডৰ তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২৪ অক্টোবৰৰ পৰা পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । শৃংখলাৰ প্ৰথমখন টেষ্ট মেচত কিৱি দলে ৮ উইকেটত জয়লাভ কৰে । এনে পৰিস্থিতিত যিকোনো মূল্যৰ বিনিময়ত দ্বিতীয়খন টেষ্ট মেচত জয়ী হ’ব লাগিব টিম ইণ্ডিয়া । দ্বিতীয় টেষ্টত টিম ইণ্ডিয়াৰ মূল একাদশ কেনেকুৱা হ’ব পাৰে জানি লওক ।
ছৰফৰাজে বৃদ্ধি কৰিলে ৰোহিত-গম্ভীৰৰ চিন্তা-
টেষ্ট দলৰ তিনি নম্বৰ স্থানত খেলা শুভমন গীলে অসুস্থতাৰ বাবে নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত খেলা নাছিল । অৱশ্যে এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিছে । প্ৰথম টেষ্টত গীলৰ ঠাইত ছৰফৰাজ খানক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছিল । দ্বিতীয় ইনিংছত ১৫০ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল ছৰফৰাজে । এনে পৰিস্থিতিত এতিয়া গীলে কেনেকৈ প্ৰত্যাৱৰ্তন কৰিব সেই সন্দৰ্ভত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে ।

হঠাতে ৱাশ্বিংটন সুন্দৰৰ অন্তৰ্ভূক্তি-
প্ৰথম টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত হঠাতে টিম ইণ্ডিয়াত পৰিৱৰ্তন আনিছে বি চি চি আইয়ে । স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক দ্বিতীয়খন টেষ্টৰ পূৰ্বে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে । বহু বাতৰিয়ে দাবী কৰিছে যে ৰবিচন্দ্ৰন অশ্বিন সম্পূৰ্ণ ফিট নহয়, সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সুন্দৰক আহ্বান কৰা হৈছে ।
দ্বিতীয় টেষ্টত কি পৰিৱৰ্তন হ’ব পাৰে ?
দ্বিতীয় টেষ্টত শুভমন গীলৰ প্ৰত্যাৱৰ্তন প্ৰায় নিশ্চিত বুলি বিবেচিত হৈছে । তেওঁক তিনি নম্বৰত খেলা দেখা যাব । স্পীনাৰ কুলদীপ যাদৱৰ ঠাইত ৱাশ্বিংটন সুন্দৰে সুযোগ পাব পাৰে । আনহাতে কে এল ৰাহুলক দলৰ পৰা বাদ দিয়া হ’ব পাৰে । ইয়াৰ উপৰিও ভাৰতে চাৰিজন বলাৰ লৈ পুনে টেষ্টত প্ৰৱেশ কৰিব পাৰে । এনে পৰিস্থিতিত ৰাহুল আৰু ছৰফৰাজ দুয়োজনেই মূল এঘাৰৰ অংশ হ’ব পাৰে ।
দ্বিতীয় টেষ্টত টিম ইণ্ডিয়াৰ সম্ভাৱ্য মূল একাদশ-
যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল/ৱাশ্বিংটন সুন্দৰ, ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ চিৰাজ আৰু জশপ্ৰীত বুমৰাহ ।