অক্ষৰ পেটেলৰ অধিনায়কত্বত দিল্লী কেপিটেলছে (ডি চি) এক সুন্দৰ আৰম্ভণি কৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনত সোমবাৰে (২৪ মাৰ্চ) বিশাখাপট্টনমত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে দিল্লীয়ে ১ উইকেটত জয়লাভ কৰে ।
প্ৰথমে বিস্ফোৰক আৰম্ভণি, তাৰ পিছত লক্ষ্ণৌৰ দলত খহনীয়া-
মেচখনত লক্ষ্ণৌ দলে এক সুন্দৰ আৰম্ভণি কৰিছিল । অ’পেনাৰ মিচেল মাৰ্ছে ২১ ৰান আৰু তিনি নম্বৰ স্থানত অহা নিকোলাছ পুৰানে ২৪টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে । পুৰানে ৩০টা বলত ৭৫ ৰান আৰু মাৰ্ছে ৩৬ বলত ৭২ ৰান সংগ্ৰহ কৰে । পুৰানে ৭ আৰু মাৰ্ছে ৬টা ছয় কোবাই । শেষত ডেভিদ মিলাৰে ১৯টা বলত ২৭ ৰান সংগ্ৰহ কৰে ।
এটা সময়ত লক্ষ্ণৌৱে ১৩ অভাৰত ২ উইকেটত ১৬১ ৰান সংগ্ৰহ কৰিছিল । তেতিয়া লক্ষ্ণৌৰ দলটোৱে ২৫০ তকৈ অধিক ৰান কৰিব পাৰিব যেন লাগিছিল যদিও দিল্লীৰ বলাৰসকলে এক উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটাই । ৮টা উইকেট হেৰুৱাই লক্ষ্ণৌ দলটোক ২০৯ ৰানত সীমাবদ্ধ কৰি ৰাখে দিল্লীয়ে । দিল্লীৰ হৈ মিচেল ষ্টাৰকে ৩টা আৰু কুলদীপ যাদৱে ২টা উইকেট দখল কৰে । বিপ্ৰজ নিগম আৰু মুকেশ কুমাৰে ১টাকৈ উইকেট দখল কৰে ।
আশুতোষ শৰ্মা আৰু বিপ্ৰজ নিগমে দিল্লীক পৰাজিত খেলখনত জয়ী কৰি তুলিলে । আশুতোষ শৰ্মাৰ ৩১ বলত ৬৬ আৰু বিপ্ৰজ নিগমৰ ১৫ বলত ৩৯ ৰানে লক্ষ্ণৌৰ পৰা মেচখন কাঢ়ি লৈ যায় । মেচখনত জয়লাভ কৰি অপৰাজিত হৈ উভতি আহে আশুতোষ । তেওঁৰ বেটৰ পৰা ৫টা চাৰি আৰু ৫টা ছয় আহে ।