ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ ৫ নম্বৰ মেচখন গুজৰাট টাইটানছ (জি টি) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত অনুষ্ঠিত হয় । এই মেচখন অতি ৰোমাঞ্চকৰ আছিল । মঙলবাৰে (২৫ মাৰ্চ) আহমেদাবাদত অনুষ্ঠিত হোৱা এই মেচখনত শ্ৰেয়াছ আয়েৰৰ অধিনায়কত্বত থকা পঞ্জাৱ দলটোৱে ১১ ৰানত জয়লাভ কৰে ।
টছ হেৰুৱাই মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত পঞ্জাৱ দলে ২৪৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । প্ৰত্যুত্তৰত গুজৰাট দলে ৫টা উইকেট হেৰুৱাই মাত্ৰ ২৩২ ৰানহে কৰিবলৈ সক্ষম হয় । দলটোৰ হৈ ৪১টা বলত ৭৪ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে ছাই সুদৰ্শনে । আনহাতে জোছ বাটলাৰে ৩৩টা বলত ৫৪ ৰান সংগ্ৰহ কৰে ।
শ্বাৰফেন ৰাদাৰফোৰ্ডে ২৮টা বলত ৪৬ ৰান সংগ্ৰহ কৰিছিল যদিও দলটোক জয়ৰ দিশত আগবঢ়াই নিব নোৱাৰিলে । পাঞ্জাব কিংছে শক্তিশালী বলিং কৰে । অৰ্শদীপ সিঙে ২টা উইকেট দখল কৰে । আনহাতে মাৰ্কো জেনছেন আৰু গ্লেন মেক্সৱেলে ১টাকৈ সফলতা লাভ কৰে ।
প্ৰথমটো আ পি এল শতকৰ পৰা বঞ্চিত শ্ৰেয়াছ-
মেচখনত পঞ্জাব কিংছে ৫টা উইকেট হেৰুৱাই ২৪৩ ৰান সংগ্ৰহ কৰে । শ্ৰেয়াছ আয়েৰে অধিনায়কোচিত ইনিংছ খেলি ২৭টা বলত পঞ্চাশ ৰান কৰে । মেচখনত শ্ৰেয়াছে ৪২টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৯টা ছয় আৰু ৫টা চাৰি কোবাই ।
শ্ৰেয়াছে আই পি এলৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ মাত্ৰ ৩ ৰান দূৰত থাকে । তেওঁৰ বাহিৰেও অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই ৪৭ ৰান সংগ্ৰহ কৰে । শেষত শশাংক সিঙে ১৬টা বলত ৪৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । গুজৰাটৰ হৈ ছাই কিশোৰে ৩টা উইকেট দখল কৰে ।