ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৩১ সংখ্যক মেচখন মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হয় । এই ৰোমাঞ্চকৰ খেলখনত পঞ্জাৱে ১৬ ৰাণত জয়লাভ কৰে । চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হোৱা মেচখনত কলকাতাই ১১২ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় । আই পি এলৰ ইতিহাসত পঞ্জাৱ দলে সৰ্বনিম্ন মুঠ ৰক্ষা কৰিছে । ইয়াৰ পূৰ্বে ২০০৯ চনত চেন্নাই আৰু পঞ্জাৱৰ মাজত খেলা মেচখনত মুঠ ১১৬ ৰান ডিফেণ্ড হৈছিল ।
এই মেচখনত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু পঞ্জাবে ১৬ অভাৰত ১১১ ৰানত অল আউট হয় । হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰিনে ২টাকৈ উইকেট লাভ কৰে । পঞ্জাৱে বান্ধি দিয়া লক্ষ্য দেখি নাৰিন, ৰাছেল আৰু ৰিংকু সিঙৰ দৰে বিস্ফোৰক বেটছমেনেৰে সজ্জিত কলকাতাই ইয়াক সহজেই উপনীত হ’ব বুলি আশা কৰা হৈছিল ।
কিন্তু যেতিয়া কে কে আৰ বেটিং কৰিবলৈ খেলপথাৰত নামিছিল, তেতিয়া প্ৰথম অভাৰৰ পৰাই তেওঁলোকৰ পতন আৰম্ভ হৈছিল আৰু ৰাহানেৰ সমগ্ৰ দলটো চাহালৰ স্পীনত আৱদ্ধ হৈ পৰা দেখা গৈছিল । পঞ্জাৱৰ বলাৰসকলে কলকাতাক ১১২ ৰানৰ লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰে আৰু ১৬ নং অভাৰত সমগ্ৰ দলটো ৯৫ ৰানতে অল আউট হয় । চাহালে ৪টা উইকেট দখল কৰে ।
কলকাতাৰ ইনিংছ-
১১২ ৰানৰ লক্ষ্য অনুসৰণ কৰি কে কে আৰৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে সুনীল নাৰিন পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৫ ৰানহে আহে । ইয়াৰ পিছত কুইণ্টন ডি ককেও পৰৱৰ্তী অভাৰত পেভিলিয়নলৈ উভতি আহে । তেওঁৰ বেটৰ পৰা মাত্ৰ ২ ৰানহে আহে । কিন্তু ইয়াৰ পিছত ৰাহানেই কিছু ভাল শ্বট খেলিছিল যদিও ৮ম অভাৰত আউট হয় অধিনয়াকগৰাকী । ৰাহানেই ১৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ৰঘুবংশীও দশম অভাৰত আউট হয় ।
ইয়াৰ পিছত একেবাৰে পৰৱৰ্তী অভাৰত মেক্সৱেলে ভেংকটেশ আয়াৰক আউট কৰে । ইয়াৰ পাছতে চাহালে তৃতীয় অভাৰত ৰিংকু সিং আৰু ৰমনদীপক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত কলকাতাই বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ৰাছেলে নিশ্চিতভাৱে কিছুমান আক্ৰমণাত্মক শ্বট খেলিছিল । কিন্তু দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় । ১৬ অভাৰৰ প্ৰথমটো বলত কে কে আৰ অল আউট হয় । ফলত পঞ্জাৱে ১৬ ৰানত জয়লাভ কৰে ।
পঞ্জাৱৰ বেটিং-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ যোৱা পঞ্জাৱৰ আৰম্ভণি ভাল আছিল । প্ৰিয়ংশ আৰ্যই ভাল শ্বট খেলিছিল । কিন্তু চতুৰ্থ অভাৰত প্ৰিয়ংশ আৰ্যক হৰ্ষিত ৰাণাই আউট কৰে । আৰ্যৰ বেটৰ পৰা ২২ ৰান আহে । ইয়াৰ পিছত পঞ্জাব বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । চতুৰ্থ অভাৰত শ্ৰেয়াছ আয়াৰো কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয় ।
ইয়াৰ পিছত পৰৱৰ্তী অভাৰত জোছ ইংলিছো আউট হয় । পাৱাৰপ্লেৰ শেষ অভাৰত প্ৰভসিমৰন সিঙেও উইকেট বিসৰ্জন দিয়ে । তেওঁৰ বেটৰ পৰা মাত্ৰ ৩০ ৰানহে আহে । ৯ম অভাৰত নেহাল ৱাধেৰাও ১০ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে পঞ্জাৱৰ বেটিং তাচ পাতৰ দৰে ভাঙি পৰে । পঞ্জাবে সম্পূৰ্ণ ২০ অভাৰ খেলাত ব্যৰ্থ হয় আৰু ১৬ অভাৰত ১১১ ৰানত অল আউট হয় ।