বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি, বৃদ্ধিৰ হাৰ আদি সকলো ক্ষেত্ৰতে একেলগে কাম কৰি আছে । শনিবাৰে নতুন দিল্লীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা আৰু বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীৰ সৈতে যৌথ সংবাদমেল অনুষ্ঠিত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । এই সংবাদমেল ৰিজাৰ্ভ বেংকে ৰেপো ৰেট (Repo Rate) কৰ্তনৰ কথা ঘোষণা কৰাৰ এদিন পিছত অনুষ্ঠিত হয় । সীতাৰমনে কয় যে অহা সপ্তাহত তেওঁ নতুন আয়কৰ বিধেয়ক সংসদত উত্থাপন কৰিব পাৰে, তাৰ পিছত বিধেয়কখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব ।
ৰিজাৰ্ভ বেংকে এদিন পূৰ্বে কৰ্তন কৰিছিল ৰেপো ৰেট-
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে ক্ৰেডিট দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ভৱিষ্যতেও এই দিশত কাম অব্যাহত থাকিব । শুকুৰবাৰে এম পি চিৰ বৈঠকৰ অন্তত আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে ঘোষণা কৰে যে ৰেপো ২৫ বেচিছ পইণ্ট কৰ্তন কৰা হৈছে । ইয়াক ৬.৫%ৰ পৰা ৬.২৫%লৈ হ্ৰাস কৰা হৈছে । ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ৰেপো হাৰ ৬.৫ শতাংশত স্থিৰ কৰি ৰখা হৈছিল । ইয়াৰ পূৰ্বে ২০২০ চনত Covid মহামাৰীৰ সময়ত সুতৰ হাৰ কৰ্তন কৰা হৈছিল যদিও ইয়াৰ পিছত ক্ৰমান্বয়ে ৬.৫ শতাংশ সুতৰ হাৰ বৃদ্ধি কৰা হৈছিল ।
দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ কি ক’লে বিত্তমন্ত্ৰীয়ে ?
দিল্লী নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দিল্লীয়ে জনসাধাৰণৰ সেৱা কৰা চৰকাৰ এখন পোৱাটো সময়ৰ দাবী । ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীক সম্বোধন কৰি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সীতাৰমণে কয় যে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে এই প্ৰয়োজনীয়তা হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডত জনসাধাৰণৰ সেৱা কৰা চৰকাৰ এখন হ’ব লাগে ।