উত্তৰ প্ৰদেশৰ মহোবাত এটা অতি আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী নৱবিবাহিতাক তেওঁৰ স্বামীয়ে ৰীল বনবলৈ বাধা দিছিল।
যাৰ ফলত মহিলা গৰাকীৰ ইমানেই খং উঠিছিল যে তেওঁ ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে। মহিলাগৰাকীৰ মৃতদেহটো ৰে’লপথত পৰি থকা অৱস্থাত পোৱা গৈছিল।
জানিব পৰা মতে ঘটনাটো মহোবা চহৰ কোতৱালী অঞ্চলৰ জুখা অঞ্চলত সংঘটিত হৈছিল। ইয়াৰ লাডপুৰ গাঁৱৰ বাসিন্দা চাফিক মহোবাৰ এটা ভাড়াঘৰত বাস কৰে আৰু তেওঁ ঠেলা চলাই।
সাত মাহৰ পূৰ্বেত চাফিক ২০ বছৰীয়া জুলেখাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, নৱ বিবাহিত দম্পতীহালে সুখেৰে বাস কৰি আছিল।
জুলেখা ৰীল বনাবলৈ ভাল পাইছিল। কেৱল এই কথাটোৱে তেওঁলোকৰ বিবাহিত জীৱনৰ বাবে অভিশাপ হৈ পৰিছিল।
বিয়াৰ পাছতো জুলেখাৰ ৰীল বনোৱাৰ অব্যাহত আছিল। তেওঁ সকলো সময়তে কেৱল ৰিল বনোৱাতেই ব্যস্ত আছিল, যাৰ বাবে তেওঁৰ স্বামীকো সময় দিয়া নাছিল।
যাৰ বাবে স্বামী আৰু পত্নীৰ মাজত বিবাদৰ হৈছিল। চাফিকে কৈছিল যে যোৱা নিশাও যেতিয়া তেওঁ কামৰ পৰা ঘৰলৈ উভতি আহি পোৱা পিছত পত্নীয়ে খাদ্য বনোৱাৰ সলনি ইনষ্টাগ্ৰামত ৰীল বনাই আছিল। যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।
পিছত জুলেখাই স্বামীক খাদ্য দিছিল আৰু দুয়ো শুবলৈ গৈছিল। কিন্তু, হঠাতে জুলেখাই নিশা ঘৰৰ পৰা ওলাই গৈছিল। নিশা চাপিকে জুলেখাক বিচাৰিছিল যদিও পুৱা লৈকে কোনো সন্ধান পোৱা নাছিল ।
অৱশেষত আৰক্ষীয়ে তেওঁক কৈছিল যে জুলেখাৰ মৃতদেহ মহোবা-খাজুৰাহো ৰেলপথত উদ্ধাৰ কৰা হৈছে।ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।