উত্তৰ প্ৰদেশৰ আগ্ৰাত ৰিল বনাবলৈ গৈ এজন যুৱকে কৰুণ মৃত্যুক সাৱটিব লগা হ’ল। জানিব পৰা মতে ২০ বছৰীয়া যুৱকজনে তেওঁৰ বন্ধু দুজনৰ সৈতে ৰীল বনাই আছিল । এই সময়ছোৱাত, যুৱকজনে তলত থকা লোহাৰৰ জালখন দাঙি দিছিল। যাৰ ফলত ভাৰসাম্য হেৰুৱাই তললৈ বাগৰি পৰে যুৱকজন।লগে লগে ঘটনাস্থলীত উপস্থিত থকা সকলোৱে যুৱকগৰাকীৰ বচাবলৈ অপ্ৰাণ চেষ্টা চলাইচিল । কিন্তু লোহাৰৰ জালখনত পৰি যুৱকজনৰ মূৰটো দেহৰ পৰা বিচ্ছিন্ন হৈছিল ।ঘটনাটোৰ ফলত চতুৰ্থ মহলাৰ পৰা তৃতীয় মহলাত বাগৰি পৰিছিল যুৱকজনৰ মৃতদেহ। তথ্য অনুসৰি, আচিফ নামৰ যুৱকজনে শনিবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁ কামকৰা দোকানখন খুলিবলৈ আহিছিল।সেই সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।