ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে কয় যে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ সময়ত সংকীৰ্ণতা, ভেদভাৱ আৰু প্ৰলোভনৰ উৰ্ধত উঠিবলৈ দৃঢ় সংকল্প ল’ব লাগিব আৰু গণতন্ত্ৰৰ ওপৰতো বিশ্বাস থাকিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে । অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুও উপস্থিত থাকে ।
নিৰ্বাচন আয়োগক প্ৰশংসা কৰে ৰাষ্ট্ৰপতিয়ে-
পঞ্চদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিৰ্বাচন প্ৰক্ৰিয়া উন্নত আৰু অধিক স্বচ্ছ কৰি তুলিবলৈ নতুন প্ৰযুক্তি আৰু শেহতীয়া ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰে । ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ নিশ্চিত যে ভাৰতীয় গণতন্ত্ৰই বিশ্ব সম্প্ৰদায়ৰ বাবে উদাহৰণ স্থাপন কৰি যাব । ৰাষ্ট্ৰপতিয়ে কয় যে এইটো আমাৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ গণতন্ত্ৰ কেৱল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, আটাইতকৈ পুৰণি গণতন্ত্ৰসমূহৰ ভিতৰত এক ।
‘সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰে’
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘গণতন্ত্ৰৰ ওপৰত বিশ্বাস থকাৰ উপৰিও ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ সময়ত সংকীৰ্ণ মনোভাৱ, বৈষম্য আৰু প্ৰলোভনৰ ওপৰলৈ উঠি যোৱাৰ দৃঢ়তা থাকিব লাগিব । সচেতন ভোটাৰেহে গণতন্ত্ৰক শক্তিশালী কৰিব পাৰে । ভাৰত গণৰাজ্য হোৱাৰ এদিন পূৰ্বে ১৯৫০ চনৰ ২৫ জানুৱাৰীত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল । ভোটাৰক ভোটাধিকাৰৰ বিষয়ে সজাগ কৰাৰ লক্ষ্যৰে বিগত ১৫ বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰি অহা হৈছে ।