ভাৰতীয় মছলা সোৱাদৰ বাবে সদায়েই পৰিচিত । বিশেষকৈ সেউজীয়া ইলাচি গোন্ধ আৰু সোৱাদ বাবে সদায়ে জনপ্ৰিয় । এই সৰু সেউজীয়া ইলাচি সাধাৰণতে সকলোতে ব্যৱহাৰ কৰা হয় । ঘৰতে মিঠাই বা কোনো শাক-পাচলি, মাছ-মাংসত ইয়াৰ সোৱাদ আৰু সুগন্ধিয়ে এক বেলেগ সোৱাদ যোগ কৰে । কিন্তু আপুনি জানেনে এই মছলাই সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী । মানুহে ইয়াক বিভিন্ন ধৰণে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । বিশেষকৈ ৰাতি শুৱাৰ পূৰ্বে ইলাচি সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে ।
ৰাতি শুৱাৰ পূৰ্বে ইলাচি খোৱাৰ উপকাৰিতা-
টোপনি নহা-
আজিৰ সময়ত মানুহে কৰ্মৰ লগতে বহু ধৰণৰ মানসিক চাপৰ সন্মুখীন হয় । যাৰ বাবে ৰাতি শান্তিৰে শুব নোৱাৰে । সঠিকভাৱে টোপনি যাব নোৱৰা সমস্যাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । যদি আপোনাৰ অনিদ্ৰাৰ সমস্যা আছে, তেন্তে ইলাচি সেৱন আপোনাৰ বাবে উপকাৰী হ’ব পাৰে । ৰাতি শোৱাৰ পূৰ্বে দুটা ইলাচি ভালকৈ চোবাই গৰম পানীৰ লগত খাব পাৰে ।
ওজন হ্ৰাস-
সেউজীয়া ইলাচী খোৱাটো ওজন হ্ৰাসৰ ক্ষেত্ৰতো যথেষ্ট লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে । ৰাতি টোপনি যোৱাৰ আগতে সেউজীয়া ইলাচী সেৱনে শৰীৰত সঞ্চিত চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে । ইয়াত পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ, কেলচিয়াম থাকে যি ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ।
মৌখিক স্বাস্থ্য-
ইলাচীক মুখৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । মানুহে প্ৰায়ে মুখৰ পৰা গোন্ধ ওলালে ইয়াক সেৱন কৰে । কিন্তু ই কিছু সময়ৰ বাবে সকাহ দিয়ে, ই এক স্থায়ী সমাধান নহয় । মুখৰ পৰা অহা দুৰ্গন্ধৰ পৰা সকাহ পাবলৈ, শোৱাৰ আগতে প্ৰতি নিশা দুটা ইলাচী ভালদৰে চোবাব আৰু পাতল কুহুমীয়া পানী খাব ।