ৰাজ্যত ৫ সমষ্টিৰ উপ নিৰ্বাচন। তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপি মিত্ৰজোঁটৰ লগতে তৎপৰ হৈ পৰিছে কংগ্ৰেছকে ধৰি সকলো বিৰোধী ঐক্য। ৫ সমষ্টি দখলৰ দাবীত চলিছে কুচ-কাৱাজ। বিজেপিৰ প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৫ সমষ্টিত চলাইছে নিৰ্বাচনী ৰণডংকা। আনহাতে কংগ্ৰেছৰ হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰায়ো অংশ লৈছে নিৰ্বাচনী সভাত। আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনৰ যুঁজ। কোন জয়ী হ’ব কোনে মাৰিব শেষ হাঁহি তাক লৈ হৈছে চৰ্চা।
কোন সমষ্টিত কোন প্ৰাৰ্থী-
চামগুৰিঃ দিপ্লুৰঞ্জন শৰ্মা (বিজেপি)
তাঞ্জিল হুছেইন (কংগ্ৰেছ)
ধলাইঃ নিহাৰ ৰঞ্জন দাস (বিজেপি)
ধ্ৰুৱজ্যোতি পুৰকায়স্থ (কংগ্ৰেছ)
চিদলীঃ নিৰ্মল কুমাৰ ব্ৰহ্ম( বিজেপি)
সঞ্জয় ৱাৰি (কংগ্ৰেছ)
শুদ্ধকুমাৰ বসুমতাৰি(BPF)
বঙাইগাঁওঃ দিপ্তীময় চৌধুৰী (বিজেপি)
ব্ৰজেনজিৎ সিংহ (কংগ্ৰেছ)
বিহালীঃ দিগন্ত ঘাটোৱাৰ (বিজেপি)
জয়ন্ত বৰা (কংগ্ৰেছ)
উপ নিৰ্বাচনত চৰ্চা থকা চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ হুছেইনৰ বনাম বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা। নগাঁৱত নিজৰ দুৰ্গ থকা বুলি ৰকিবুল হুছেইনৰ পুত্ৰই হাঁহি মাৰিব নে দিপ্লুৰঞ্জন শৰ্মাই দখল কৰিব চামগুৰি সমষ্টি সেয়া লক্ষণীয় হ’ব। ইফালে ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস বনাম কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ। বিৰোধীৰ দাবী ‘কংগ্ৰেছে ধলাই সমষ্টিত নিশ্চিতভাৱে জয়ী হ’ব’। তাৰ বিপৰীতে কিন্তু ধলাই সমষ্টি আছিল বিজেপিৰ দখলত।
চিদলী সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী। UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মক প্ৰদান কৰিছে প্ৰাৰ্থীত্ব। বিৰোধীৰ সঞ্জয় ৱাৰিক প্ৰাৰ্থীত্ব প্ৰদান কংগ্ৰেছৰ। আকৰ্ষণীয় হৈ পৰিছে চিদলীৰ যুঁজ। BPFএ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে শুদ্ধকুমাৰ বসুমতাৰি। হাগ্ৰামাও যুঁজত নামি পৰিছে, যাৰ ফলত হৈছে তূমূল প্ৰতিদ্বন্দ্বিতা। কিয়নো UPPL, বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজতে আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা যাব। ২০২৫ত অনুষ্ঠিত হ’বলগীয়া BTC পৰিষদীয় নিৰ্বাচনৰ বাবে অধিক তীব্ৰ হৈ পৰিছে আটাইকেটা দল। কিয়নো BTCৰ ৰাজনীতি গুৰুত্বপূৰ্ণ ছিদলীত উপ নিৰ্বাচন একপ্ৰকাৰ ২৫ৰ চেমি ফাইনেল এই উপ নিৰ্বাচন।
বঙাইগাঁও সমষ্টিত দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় যুঁজ। বঙাইগাঁৱৰ দুৰ্গ হিচাপে চিনাকি ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময় চোধুৰী নামি পৰিছে ৰাজনীতিৰ পথাৰত। আনফালে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ। ৩৯ বছৰে বঙাইগাঁৱত বিধায়ক হিচাপে আৰু বঙাইগাঁও লোকসভা সমষ্টিৰ পৰা লোকসভা হোৱা সাংসদ হোৱা ফণীভূষণ চৌধুৰীৰ পত্নীক পৰাস্ত কৰিব পাৰিব নে কংগ্ৰেছে?
বিহালী সমষ্টিতো একেই পৰিবেশ। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ বনাম কংগ্ৰেছৰ জয়ন্ত বৰা। লক্ষ্মীকান্ত কুৰ্মীয়েও প্ৰতিদ্বন্দ্বিতা কৰিছে বিৰোধী ঐক্য মঞ্চৰ হৈ। বিহালী সমষ্টিত গৌৰৱ গগৈয়ে স্পষ্টকৈ মন্তব্য দিছিল যে বিহালী সমষ্টিয়ে এইবাৰ বিজেপিক বিদায় দিব, গৌৰৱৰ হুংকাৰ। বিহালী উপ নিৰ্বাচনক লোকেল আৰু চালানীৰ যুঁজ বুলি আখ্যা দিছিল বিৰোধী পক্ষই। প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই জয় কৰিব পাৰিব নে বিহালী সমষ্টি? আনহাতে বিজেপিয়ে ৰাজনৈতিক মেৰপাকত কোচ-কাৱাজ চলাই প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দিগন্ত ঘাটোৱাৰক। ২০০৬ চনত বিশ্বনাথ সমষ্টিৰ পৰাও প্ৰতিদ্বন্বিতা কৰিছিল দিগন্ত ঘাটোৱাৰে। বিহালীত বিজেপিৰ উত্থাপনত দিগন্ত ঘাটোৱাৰৰ ভূমিকা অধিক, বিশেষকৈ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত। জনগাঁঠনিৰ ফালৰ পৰা চালেও ৫২ শতাংশ ভোট আছে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত।