গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ সন্দৰ্ভত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে মন্তব্য প্ৰদান কৰিছে। উৰুকাৰ নিশা মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তেই মৃত্যুক আকোৱালি লৈছিল গণশিল্পী ৰাজীৱ শদিয়াই।
গণশিল্পী গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল ৰাজ্যবাসী। তাৰ মাজতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে এক মন্তব্য কৰিছে। জুবিন গাৰ্গে কৈছে যে “এইটো বৰ দুখ লগা।
তাক মই ইমান চিনি নাপাওঁ। আমি তেওঁক যথেষ্ট সহায় কৰিছো। জাতিৰ কাৰমে ময়োটো কিমান গান গাইছো, তেতিয়া হ’লে…”
দৰাচলতে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত বহু লোকে জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰি আছিল।
কিন্তু জুবিনৰ কোনো প্ৰতিক্ৰিয়া নেদেখি বিতৰ্কৰ সৃষ্টি কৰিছিল । তাৰ পিছতেই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে।