বাংলাদেশত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ । এইবাৰ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনক অপসাৰণৰ দাবী জনাইছে । তথ্য অনুসৰি মঙলবাৰে গভীৰ নিশা ৰাষ্ট্ৰপতিৰ বাসগৃহ বংগভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে হাজাৰ হাজাৰ লোকে । হাজাৰ হাজাৰ লোক সমবেত হৈ ৰাষ্ট্ৰপতিক অপলাৰণৰ দাবীত বিভিন্ন শ্লগান দিয়ে । সেই স্থানত উপস্থিত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ বেৰিকেড লগাইছিল যদিও ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে সেই বেৰিকেড আঁতৰাবলৈ চেষ্টা কৰিছিল । পৰৱৰ্তী সময়ত পৰিস্থিতি চম্ভালিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছৰ নিক্ষেপ কৰে ।
মঙলবাৰে নিশা প্ৰতিবাদকাৰীৰ হুলস্থুল-
ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ চৰকাৰী বাসগৃহ বংগভৱনৰ সন্মুখত ইমানেই হুলস্থুলৰ সৃষ্টি হৈছিল যে মানুহে বেৰিকেড ভাঙিবলৈ আৰম্ভ কৰিছিল । মঙলবাৰে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাত এজন ছাত্ৰসহ দুজন লোক আহত হয় । এই ঘটনা মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় । আহত লোককেইজনক উদ্ধাৰ কৰি ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ লৈ যোৱা হয় ।
ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ পদত্যাগৰ দাবী-
বাংলাদেশ টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ডি এম চি এইচৰ আৰক্ষী শিবিৰৰ দায়িত্বত থকা ইন্সপেক্টৰ মহম্মদ ফাৰুকে ঘটনাটো নিশ্চিত কৰিছে । আহতসকলক ২৪ বছৰীয়া ফৈজল আহমেদ বিশাল আৰু ৪৫ বছৰীয়া চফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । আনহাতে চাউণ্ড গ্ৰেনেডৰ ফলত আহত ব্যক্তিজনক ২০ বছৰীয়া আৰিফ বুলি চিনাক্ত কৰা হৈছে ।
প্ৰতিবাদকাৰীসকলে মঙলবাৰে বিয়লি বঙভৱনৰ সন্মুখত ৰাষ্ট্ৰপতি মহম্মদ চাহাবাউদ্দিনৰ পদত্যাগৰ দাবীত একত্ৰিত হৈছিল । নিশা প্ৰায় ৮:২০ বজাত, প্ৰতিবাদকাৰীৰ এটা দলে বংগভৱনত প্ৰৱেশ কৰিবলৈ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰিছিল । সেনা আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, আৰু প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চাউণ্ড গ্ৰেনেড ব্যৱহাৰ কৰিছিল ।
বাংলাদেশত কোনে সৃষ্টি কৰিলে অস্থিৰতা ?
বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিয়া এটা বিশিষ্ট ছাত্ৰ সংগঠনে মঙলবাৰে ঢাকাত প্ৰতিবাদ সাব্যস্ত কৰি পদচ্যুত প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ সন্দৰ্ভত মন্তব্য কৰাৰ বাবে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনক অপসাৰণ কৰাৰ দাবী জনাইছে ।
যোৱা সপ্তাহত এখন বাংলা দৈনিকক দিয়া এক সাক্ষাৎকাৰত চাহবুদ্দীনে কৈছিল যে আগষ্টত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত হোৱা ব্যাপক প্ৰতিবাদৰ মাজতে হাছিনাই দেশ ত্যাগ কৰাৰ আগতে হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কোনো তথ্যপ্ৰমাণ নাই ।
হাছিনাৰ পিছত এতিয়া ৰাষ্ট্ৰপতিক লক্ষ্য-
হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ প্ৰচাৰ চলাই অহা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে ইয়াৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰৰ সমীপত এক সমদল উলিয়াই চাহাবুদ্দিনৰ পদত্যাগৰ দাবী জনায় । প্ৰতিবাদকাৰী নাছিৰুদ্দিন পাটোৱাৰীয়ে কয়, ‘ৰাষ্ট্ৰপতি ফেচিবাদৰ মিত্ৰ । তেওঁ গণহত্যাৰ পক্ষত আছিল । আমি তেওঁৰ পদত্যাগৰ দাবী জনাইছো ।” এজন ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কয় যে ৰাষ্ট্ৰপতি শ্বেখ হাছিনাৰ একনায়কত্ববাদী চৰকাৰৰ ঘনিষ্ঠ । তেওঁ ততাতৈয়াকৈ পদত্যাগ কৰিব লাগে ।