নগাঁৱৰ ৰূপহীহাটৰ এখন সভালৈ যোৱাৰ সময়তে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক।
ৰকিবুল হুছেইনৰ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ বিধানসভাৰ পৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চামগুৰি , ৰূপহী ৰকিবুল হুছেইনৰ নিজৰেই অঞ্চল।
তেওঁৰ অঞ্চলতে মুখত ক’লা কাপোৰ বান্ধি দুৰ্বৃত্তই প্ৰহাৰ কৰে সাংসদগৰাকীক। যাৰ বাবে নিৰাপত্তাৰ কথা চিন্তা কৰি এতিয়াৰে পৰা চামগুৰি , ৰূপহী গ’লেই সাংসদ ৰকিবুল হুছেইনক অতিৰিক্ত নিৰাপত্তা দিয়া হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।কিয়নো এবছৰৰ পৰা ৰকিবুল হুছেইনৰ ওপৰত বৃদ্ধি হৈছে আক্ৰমণৰ ঘটনা।