উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ৰকিবুল হুছেইনৰ ভেঁটিত কঁপনি। চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিলে উলেমা কাউঞ্চিল দলে। উলেমা কাউঞ্চিলৰ ৰব্বুল হকক প্ৰাৰ্থিত্ব দিছে চামগুৰিত। প্ৰাৰ্থী দিয়েই ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগৰ লগতে বদৰুদ্দিন আজমলকো তীব্ৰ আক্ৰমণ ৰব্বুল হকৰ। ৰব্বুল হকৰ মতে “কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে বদৰুদ্দিন আজমলে। দুদিন পূৰ্বলৈকে চামগুৰিত প্ৰাৰ্থী দিম বুলি হুংকাৰ দিছিল AIUDFএ। AIUDFএ প্ৰাৰ্থীত্ব দিলে উলেমা কাউঞ্চিলে প্ৰত্যাহাৰ কৰিলেহেঁতেন প্ৰাৰ্থী। কিন্তু AIUDF এ ৰকিবুলৰ লগত মিলি চামগুৰিত নিদিলে প্ৰাৰ্থী”। তেওঁ ল গতে কয় যে “ৰকিবুল হুছেইনৰ দিনত অসমত ডিটেইনচন কেম্প সৃষ্টি হৈছে
ডি ভোটাৰৰ সৃষ্টি হৈছে। ডি ভোটাৰৰ নামটো বহু লোকক হাৰাশাস্তি চলাইছে , মাটিৰ পট্টা নিদিলে বহু লোকক। ১৫ বছৰে মন্ত্ৰী হৈ থকাৰ পাছতো এইবোৰ সমাধান নহ’ল, সেয়ে চামগুৰিৰ জনতাই ইয়াৰ বিকল্প বিচাৰিছে। আৰু ইয়াৰ বাবেই উলেমা কাউঞ্চিলে চামগুৰিত দিছে প্ৰাৰ্থিত্ব।