৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক ঘূৰাই অনাৰ বাবে নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অথবা নাছাৰ ক্ৰু-১০ অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে ।
নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি ড্ৰেগন মহাকাশযানত ক্ৰু-১০ অভিযান উৎক্ষেপণ কৰা হৈছিল । এই ক্ৰুত আমেৰিকাৰ দুজন আৰু জাপানৰ লগতে ৰাছিয়াৰ এজনকে ধৰি চাৰিজন মহাকাশচাৰী আছে । শীঘ্ৰেই ক্ৰু-১০ৰ মহাকাশচাৰীসকলে ডকিং প্ৰক্ৰিয়া আৰম্ভ কৰিব ।
উল্লেখ্য যে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ উভতি অহাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজেই আগ্ৰহী । তেওঁ এই দায়িত্ব স্পেচএক্সৰ মালিক ইলন মাস্কক অৰ্পণ কৰিছে । কিছুদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে বাইডেনে সুনীতা আৰু বুশ্ব উইলম’ৰক মহাকাশত এৰি দিছে ।
ইয়াৰ পিছত মাস্কৰ কোম্পানী স্পেচএক্সে এই দিশত কাম আৰম্ভ কৰে যদিও কাৰিকৰী কাৰণত ক্ৰু-১০ৰ উৎক্ষেপণ ১৫ মাৰ্চলৈ পিছুৱাই দিয়া হয়, যিটো পিছলৈ উৎক্ষেপণ কৰা হয় । জনা যায় যে ক্ৰু-১০ হৈছে স্পেচএক্সৰ মানৱ মহাকাশ পৰিবহণ ব্যৱস্থাৰ দশম ক্ৰু ঘূৰ্ণন অভিযান । এইটো নাছা আৰু স্পেচএক্সৰ যৌথ অভিযান ।
সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰ যোৱা বছৰৰ ৫ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল । এসপ্তাহৰ পিছত ঘূৰি অহাৰ কথা আছিল যদিও বয়িং ষ্টাৰলাইনাৰৰ সমস্যাৰ বাবে তেওঁ তাতেই আবদ্ধ হৈ পৰে । দুয়োগৰাকী মহাকাশচাৰীয়ে বয়িং আৰু নাছাৰ যৌথ ক্ৰু ফ্লাইট টেষ্ট অভিযানত মহাকাশলৈ গৈছিল । ইয়াৰ পিছত তেওঁলোকক ঘূৰাই অনাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।
ডকিং কৰাৰ পিছত ক্ৰু-১০ৰ সদস্যসকলে সুনীতা উইলিয়ামছ আৰু বুচ উইলমাৰ্ছক লগ পায় । এই সময়ত সুনীতা আৰু উইলমাৰৰ মুখত আনন্দ স্পষ্টকৈ দেখা গৈছিল । তেওঁলোকে সকলোকে সাৱটি ধৰি আনন্দ প্ৰকাশ কৰে ।