৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আইএছএছ) আৱদ্ধ হৈ থকা মহাকাশচাৰী বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ অৱশেষত পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে।
নাছাই তেওঁলোকৰ পৃথিৱীলৈ উভতি অহাৰ তাৰিখ নিশ্চিত কৰিছে।নাছাই দেওবাৰে ঘোষণা কৰিছিল যে দুয়োজন মহাকাশচাৰীক পৃথিৱীলৈ ১৮ মাৰ্চ মঙলবাৰে সন্ধিয়া ঘূৰাই আনিব ।
জানিব পৰা মতে তেওঁলোকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ উপকূলৰ ওচৰৰ জলক্ষেত্ৰত অৱতৰণ কৰা হ’ব।
বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছে ৫ জুনত বোয়িংৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত মহাকাশলৈ যাত্ৰা কৰিছিল। দুয়ো এসপ্তাহতাহ তাত থাকিব লগা কথা আছিল ।
অৱশ্যে, মহাকাশযান খনত বিজুতি হোৱাৰ বাবে, দুয়ো প্ৰায় ৯ মাহ ধৰি তাত আবদ্ধ হৈ আছে। দেওবাৰে, স্পেচএক্সৰ মহাকাশযান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয়। তাৰ পিছতেই উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ পৰিষ্কাৰ হৈছে।
নাছাই নিশ্চিত কৰিছে যে মহাকাশচাৰীসকলে ১৮ মাৰ্চত আবেলি প্ৰায় ৫:৫৭ বজাত (ভাৰতীয় সময় মতে ৩:২৭ বজাত, ১৯ মাৰ্চ) ফ্লৰিডাৰ উপকূলৰ পৰা মহাসাগৰত মহাকাশযানখন অৱতৰণ কৰিব।নাছাই স্পেচএক্স ক্ৰু-৯ মিছনৰ উভতি অহাৰ লাইভ কভাৰেজও প্ৰদান কৰিব।