মানৱতাক লজ্জিত কৰা এক ঘটনা। এটা ঘৰত কাম কৰা এগৰাকী বনকৰা মহিলাই দীৰ্ঘদিন ধৰি খাদ্যত প্ৰস্ৰাৱ মিহলি কৰি সেই খাদ্য গোটেই পৰিয়ালটোক খুৱাই আহিছিল । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। জানিব পৰা মতে কেইমাহমানৰ পূৰ্বৰে পৰা পৰিয়ালটো যকৃতৰ ৰোগত আক্ৰান্ত হৈছিল। পৰিয়ালৰ সদস্যসকলে ভাবিছিল যে সকলোৰে হয়টো সংক্ৰমণ হৈছে। চিকিৎসকক দেখোৱাৰ পিছটো সকাহ পোৱা নাছিল পৰিয়ালটোৱে। ইয়াৰ পিছত, ভুক্তভোগী পৰিয়ালটোৱে তেওঁলোকৰ ঘৰত চিচিটিভি স্থাপন কৰিছিল,য’ত তেওঁলোকে জানিব পাৰে যে বনকৰা মহিলা গৰাকীয়ে ৰুটি বনোৱাৰ সময়ত পানীৰ সলনি আটাত দিছিল প্ৰস্ৰাৱ। আৰু সেই খাদ্য ৮ বছৰে খোৱাই আছিল পৰিয়ালটোক। ঘটনাটো পোহৰলৈ অহাৰ পিছতেই পৰিয়ালটোৱে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।