চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে । বৰদিনৰ মাত্ৰ এদিন পূৰ্বে মঙলবাৰে (২৪ ডিচেম্বৰ) এই সূচী ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে অথভা আই চি চিয়ে ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে ভাৰতীয় দলটোৱে এই ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে । এনে পৰিস্থিতিত এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখনৰ বাবে ৪টা স্থান নিৰ্ধাৰণ কৰিছে আই চি চিয়ে । ইয়াৰ অন্যতম স্থান হৈছে ইউ এ ইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, য’ত ভাৰতীয় দলটোৱে নিজৰ সকলো খেল খেলিব ।
ভাৰতীয় দলৰ দ্বিতীয়খন মেচ হ’ব পাকিস্তানৰ বিৰুদ্ধে-
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী, আনহাতে ৯ মাৰ্চত খিতাপৰ মেচ অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত আয়োজক পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ।
আনহাতে ভাৰতীয় দলটোৱে দ্বিতীয়খন মেচ পাকিস্তানৰ বিৰুদ্ধে খেলিব । এই উত্তেজনাপূৰ্ণ খেলখন ২৩ ফেব্ৰুৱাৰীত ইউ এ ইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই মেচখনৰ বাবে । গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলটোৱে ৩ মাৰ্চত ডুবাইত নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন মেচ খেলিব ।
একেটা গ্ৰুপত ভাৰত আৰু পাকিস্তান-
চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন খেল অনুষ্ঠিত হ’ব । সকলো দলকে ২টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে ।
প্ৰতিটো গ্ৰুপত দলসমূহে কিমানখন মেচ খেলিব ?
৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । প্ৰথমখন ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন লাহোৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি কোনো দলে ফাইনেলত প্ৰৱেশ কৰে তেন্তে প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলা যাব ।
প্ৰতিযোগিতাখনত তলত দিয়া ধৰণে ২টা গ্ৰুপ অনুষ্ঠিত হ’ব
গ্ৰুপ এ(A)- পাকিস্তান, ভাৰত, নিউজীলেণ্ড, বাংলাদেশ
গ্ৰুপ বি (B) – দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান, ইংলেণ্ড
পাকিস্তানৰ ৩টা স্থানত ১০খন খেল অনুষ্ঠিত হ’ব-
চেম্পিয়নছ ট্ৰফীৰ এই ১৫ খন মেচ আটাইকেইখন ৪ টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হ’ব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো মেচ কেৱল ডুবাইতহে খেলিব । ভাৰতীয় দলটোৱে যদি যোগ্যতা অৰ্জন কৰে তেন্তে ডুবাইতো অনুষ্ঠিত হ’ব ফাইনেল । অন্যথা ৯ মাৰ্চত লাহোৰত অনুষ্ঠিত হ’ব খিতাপৰ মেচ ।
ফাইনেলৰ বাবেও এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে । কোৱা হৈছে যে অহা ৪ আৰু ৫ মাৰ্চত দুয়োখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব । ডুবাইত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল । আনহাতে দ্বিতীয়খন ছেমি ফাইনেল লাহোৰত অনুষ্ঠিত হ’ব । পাকিস্তানৰ ৩টা স্থানত এখন ছেমি ফাইনেলকে ধৰি ১০খন খেল অনুষ্ঠিত হ’ব । এই তিনিটা স্থান হ’ল লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডি ।
চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী…
১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজীলেণ্ড, কৰাচী
২০ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম ভাৰত, ডুবাই
২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, কৰাচী
২২ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, লাহোৰ
২৩ ফেব্ৰুৱাৰী – পাকিস্তান বনাম ভাৰত, ডুবাই
২৪ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম নিউজীলেণ্ড, ৰাৱালপিণ্ডি
২৫ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি
২৬ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম ইংলেণ্ড, লাহোৰ
২৭ ফেব্ৰুৱাৰী – পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি
২৮ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, লাহোৰ
১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কৰাচী
২ মাৰ্চ – নিউজিলেণ্ড বনাম ভাৰত, ডুবাই
৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই
৫ মাৰ্চ – ছেমি ফাইনেল ২, লাহোৰ
৯ মাৰ্চ, ফাইনেল, লাহোৰ (ভাৰত ফাইনেলত প্ৰৱেশ কৰিলে ডুবাইত খেলিব)
১০ মাৰ্চ – সংৰক্ষিত দিন