উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বিয়াৰ পিছদিনাই উদ্ধাৰ হ’ল দৰা আৰু কইনাৰ মৃতদেহ। জানিব পৰা মতে ৭ মাৰ্চত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো।
৮ মাৰ্চৰ দিনা পিতৃ গৃহৰ পৰা স্বামীৰ গৃহলৈ গৈছিল কইনা গৰাকী।নিশা আহাৰৰ পিছত নিজৰ কোঠালৈ গৈছিল দৰা কইনা। কিন্তু ৯ মাৰ্চৰ দিনা পুৱা ৮ বাজি যোৱাৰ পিছটো কোঠাৰ দুৱাৰ দুৱাৰ খোলা নাছিল দৰা কইনাই।
সেয়ে আত্মীয়সকল সন্দেহ হোৱাত তেওঁলোকৰ কোঠাৰ দুৱাৰ ভাঙি আচৰিত হয় সকলো। কাৰণ বিচনাত মৃত অৱস্থাত পৰি আছিল কইনা আৰু ফেনত ওলমি আছিল দৰাৰ মৃতদেহ।
পিছত ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুয়োৰে মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই। দৰা কইনাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে দুয়োটা পৰিয়াল।