এন্টাৰ্কটিকাৰ পৰা বিচ্ছিন্ন হৈ বিশ্বৰ সৰ্ববৃহৎ বৰফৰ পাহাৰ A23a ২০২০ চনত সাগৰত বৈ যাবলৈ আৰম্ভ কৰে । এই আইচবাৰ্গটো গ্ৰেটাৰ লণ্ডনৰ দুগুণ আকাৰৰ আৰু ইয়াৰ ওজন প্ৰায় এক ট্ৰিলিয়ন টন । ইয়াৰ দিশ আছিল দক্ষিণ জৰ্জিয়া দ্বীপৰ ফালে, যাৰ ফলত ই ইয়াৰ সৈতে সংঘৰ্ষ হ’ব পাৰে বা ওচৰৰ অগভীৰ পানীত আবদ্ধ হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছিল । ইয়াৰ ফলত তাত থকা বন্যপ্ৰাণী, বিশেষকৈ পেংগুইন আৰু চীলৰ বাবে খাদ্য যোগান প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছিল ।
৭৩ কিঃমিঃ দূৰত ৰৈ গ’ল-
বিজ্ঞানীসকলৰ মতে, ১ মাৰ্চৰ পৰা দ্বীপটোৰ পৰা প্ৰায় ৭৩ কিলোমিটাৰ দূৰত্বত এই আইচবাৰ্গটো ৰৈ গৈছে । ব্ৰিটিছ এন্টাৰ্কটিক চাৰ্ভে (BAS)ৰ বিজ্ঞানী এণ্ড্ৰু মেয়াৰ্ছে কয় যে যদি এই বৰফৰ পাহাৰ এই স্থানত থাকে তেন্তে ই বন্যপ্ৰাণীৰ কোনো গুৰুতৰ ক্ষতি নকৰে । সাধাৰণতে দক্ষিণ মহাসাগৰলৈ যোৱাৰ সময়ত এনেধৰণৰ বৰফৰ শিখৰবোৰ সৰু সৰু টুকুৰাত ভাঙি গলি যায় । অৱশ্যে ইয়াৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা টুকুৰা জানুৱাৰী মাহত ভাঙি যায় ।
লাভ হ’ব নে লোকচান ?
বিজ্ঞানীসকলে এতিয়া এই আইচবাৰ্গ আগবাঢ়ি যাব নে ইয়াত আবদ্ধ হৈ থাকিব তাক নিৰীক্ষণ কৰি থাকিব । যদি ই নিজৰ স্থানত থাকে তেন্তে ই তাত থকা পৰিৱেশ তন্ত্ৰৰ বাবে উপকাৰী হ’ব পাৰে । বৰফ গলিলে পানীত বহুতো পুষ্টিকৰ পদাৰ্থ দ্ৰৱীভূত হয়, যাৰ ফলত সাগৰীয় জীৱৰ বাবে খাদ্যৰ উপলব্ধতা বৃদ্ধি পাব পাৰে । ইয়াৰ দ্বাৰা পেংগুইন, ছীলকে ধৰি আন জীৱ-জন্তু উপকৃত হ’ব পাৰে ।
দক্ষিণ জৰ্জিয়া আৰু দক্ষিণ চেণ্ডউইচ দ্বীপপুঞ্জত প্ৰায় ৫০ লাখ ছীল আৰু ৬.৫ কোটি চৰাই আছে । অৱশ্যে ইতিমধ্যে দ্বীপটোৰ বন্যপ্ৰাণীসমূহে অসুবিধাৰ সন্মুখীন হৈছে । শেহতীয়াকৈ বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছিল, যাৰ ফলত বহু চৰাই আৰু অন্যান্য জীৱ-জন্তু আক্ৰান্ত হৈছিল ।
জলবায়ু পৰিৱৰ্তন ইয়াৰ কাৰণ হৈ পৰিছে-
জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যিমানদূৰলৈকে বিজ্ঞানীসকলে কয় যে এনে বৃহৎ বৰফৰ পাহাৰ বা আইচবাৰ্গ পৃথক হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু শেহতীয়া বছৰবোৰত এন্টাৰ্কটিকাৰ বৰফৰ তৰপবোৰ অতি দ্ৰুতগতিত গলিবলৈ ধৰিছে । ২০০০ চনৰ পৰা ৬০০০ বিলিয়ন টন বৰফ হেৰাই গৈছে । জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাইছে । বিজ্ঞানীসকলে সকীয়াই দিছে যে যদিহে বিশ্বৰ উষ্ণতা ১.৫ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায় তেন্তে সাগৰৰ জলপৃষ্ঠ ইমানেই উচ্চতালৈ বৃদ্ধি পাব পাৰে যে ই কেতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহে ।
আটাইতকৈ উষ্ণ বছৰ আছিল ২০২৪-
২০২৪ বৰ্ষটো আছিল এতিয়ালৈকে আটাইতকৈ উষ্ণ বছৰ, য’ত সমগ্ৰ বিশ্বতে বনজুই, বানপানী আৰু ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল । বিজ্ঞানীসকলৰ মতে যদি গোলকীয় উষ্ণতা বৃদ্ধি এনেদৰে চলি থাকে, তেন্তে ভৱিষ্যতে আৰু অধিক ভয়াৱহ প্ৰভাৱ দেখা যাব ।