দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু

দীপাৱলীৰ এদিন পূৰ্বেই দিল্লী-এনচিআৰৰ জলবায়ু বিষাক্ত হৈ পৰিছে। বিষাক্ত জলবায়ুত দিল্লীবাসীয়ে উশাহ লোৱাটো কঠিন হৈ পৰিছে।

দিল্লীৰ বায়ু অতি বেয়া শ্ৰেণীত উপনীত হৈছে।প্ৰদূষণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি GRAP ২ পৰ্যায় কাৰ্যকৰী কৰা হৈছে।

দীপাৱলীৰ মাত্ৰ এদিন পূৰ্বে দেওবাৰে দিল্লী-এনচিআৰৰ বায়ুৰ গুণাগুণে ‘অতি দুৰ্বল’ শিতানত উপনীত হয়।দিল্লীৰ বহু অঞ্চলত একিউআইয়ে ৩০০ অতিক্ৰম কৰিছে।

ইয়াৰ বাবে ষ্টেজ-২ৰ অধীনত GRAP (Graded Response Action Plan) ৰ সকলো নিয়ম তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।

তথ্য অনুসৰি দিল্লীৰ AQI (Air Quality Index) ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।আজি সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ নম্বৰ লাভ কৰা একিউআইৰ ৰেকৰ্ড ‘অতি বেয়া’ শ্ৰেণীত পৰে।

বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগৰ নিৰ্দেশত কোৱা হৈছে, “দিল্লীৰ AQI ৰাতিপুৱাৰ পৰা বৃদ্ধি পাইছে আৰু সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ বজাত ৰেকৰ্ড কৰা হয়।আইএমডি/আইআইটিএমৰ পূৰ্বাভাসেও আগন্তুক দিনত একিউআইৰ অধিক অৱনতি ঘটাৰ ভৱিষ্যদ্বাণী কৰিছে।”

লগতে পঢ়ক: ২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা; গঢ়িলে বিশ্ব অভিলেখ

৭৩ কিঃমিঃ অতিক্ৰম কৰি ৰৈ গ’ল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ… এতিয়া কি হ’ব ?

এন্টাৰ্কটিকাৰ পৰা বিচ্ছিন্ন হৈ বিশ্বৰ সৰ্ববৃহৎ বৰফৰ পাহাৰ A23a ২০২০ চনত সাগৰত বৈ যাবলৈ আৰম্ভ কৰে । এই আইচবাৰ্গটো গ্ৰেটাৰ লণ্ডনৰ দুগুণ আকাৰৰ আৰু ইয়াৰ ওজন প্ৰায় এক ট্ৰিলিয়ন টন । ইয়াৰ দিশ আছিল দক্ষিণ জৰ্জিয়া দ্বীপৰ ফালে, যাৰ ফলত ই ইয়াৰ সৈতে সংঘৰ্ষ হ’ব পাৰে বা ওচৰৰ অগভীৰ পানীত আবদ্ধ হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছিল । ইয়াৰ ফলত তাত থকা বন্যপ্ৰাণী, বিশেষকৈ পেংগুইন আৰু চীলৰ বাবে খাদ্য যোগান প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছিল ।

৭৩ কিঃমিঃ দূৰত ৰৈ গ’ল-

বিজ্ঞানীসকলৰ মতে, ১ মাৰ্চৰ পৰা দ্বীপটোৰ পৰা প্ৰায় ৭৩ কিলোমিটাৰ দূৰত্বত এই আইচবাৰ্গটো ৰৈ গৈছে । ব্ৰিটিছ এন্টাৰ্কটিক চাৰ্ভে (BAS)ৰ বিজ্ঞানী এণ্ড্ৰু মেয়াৰ্ছে কয় যে যদি এই বৰফৰ পাহাৰ এই স্থানত থাকে তেন্তে ই বন্যপ্ৰাণীৰ কোনো গুৰুতৰ ক্ষতি নকৰে । সাধাৰণতে দক্ষিণ মহাসাগৰলৈ যোৱাৰ সময়ত এনেধৰণৰ বৰফৰ শিখৰবোৰ সৰু সৰু টুকুৰাত ভাঙি গলি যায় । অৱশ্যে ইয়াৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা টুকুৰা জানুৱাৰী মাহত ভাঙি যায় ।

লাভ হ’ব নে লোকচান ?

বিজ্ঞানীসকলে এতিয়া এই আইচবাৰ্গ আগবাঢ়ি যাব নে ইয়াত আবদ্ধ হৈ থাকিব তাক নিৰীক্ষণ কৰি থাকিব । যদি ই নিজৰ স্থানত থাকে তেন্তে ই তাত থকা পৰিৱেশ তন্ত্ৰৰ বাবে উপকাৰী হ’ব পাৰে । বৰফ গলিলে পানীত বহুতো পুষ্টিকৰ পদাৰ্থ দ্ৰৱীভূত হয়, যাৰ ফলত সাগৰীয় জীৱৰ বাবে খাদ্যৰ উপলব্ধতা বৃদ্ধি পাব পাৰে । ইয়াৰ দ্বাৰা পেংগুইন, ছীলকে ধৰি আন জীৱ-জন্তু উপকৃত হ’ব পাৰে ।

দক্ষিণ জৰ্জিয়া আৰু দক্ষিণ চেণ্ডউইচ দ্বীপপুঞ্জত প্ৰায় ৫০ লাখ ছীল আৰু ৬.৫ কোটি চৰাই আছে । অৱশ্যে ইতিমধ্যে দ্বীপটোৰ বন্যপ্ৰাণীসমূহে অসুবিধাৰ সন্মুখীন হৈছে । শেহতীয়াকৈ বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছিল, যাৰ ফলত বহু চৰাই আৰু অন্যান্য জীৱ-জন্তু আক্ৰান্ত হৈছিল ।

জলবায়ু পৰিৱৰ্তন ইয়াৰ কাৰণ হৈ পৰিছে-

জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যিমানদূৰলৈকে বিজ্ঞানীসকলে কয় যে এনে বৃহৎ বৰফৰ পাহাৰ বা আইচবাৰ্গ পৃথক হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু শেহতীয়া বছৰবোৰত এন্টাৰ্কটিকাৰ বৰফৰ তৰপবোৰ অতি দ্ৰুতগতিত গলিবলৈ ধৰিছে । ২০০০ চনৰ পৰা ৬০০০ বিলিয়ন টন বৰফ হেৰাই গৈছে । জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাইছে । বিজ্ঞানীসকলে সকীয়াই দিছে যে যদিহে বিশ্বৰ উষ্ণতা ১.৫ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায় তেন্তে সাগৰৰ জলপৃষ্ঠ ইমানেই উচ্চতালৈ বৃদ্ধি পাব পাৰে যে ই কেতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহে ।

আটাইতকৈ উষ্ণ বছৰ আছিল ২০২৪-

২০২৪ বৰ্ষটো আছিল এতিয়ালৈকে আটাইতকৈ উষ্ণ বছৰ, য’ত সমগ্ৰ বিশ্বতে বনজুই, বানপানী আৰু ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল । বিজ্ঞানীসকলৰ মতে যদি গোলকীয় উষ্ণতা বৃদ্ধি এনেদৰে চলি থাকে, তেন্তে ভৱিষ্যতে আৰু অধিক ভয়াৱহ প্ৰভাৱ দেখা যাব ।