২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা; গঢ়িলে বিশ্ব অভিলেখ

২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা দীপাৱলী উপলক্ষে ৰামনগৰী অযোধ্যাক ২৬ লাখ চাকিৰে সজাই তোলা হৈছে। দীপাৱলীৰ কাৰ্যসূচীত বিশ্ব অভিলেখ সৃষ্টিৰ প্ৰস্তুতি চলাইছে অযোধ্যাবাসীয়ে। এইবাৰ দীপাৱলীত ইয়াত একেলগে ২৬ লাখ চাকি জ্বলোৱা হ’ব।ইয়াৰ লগে লগে বিশ্ব অভিলেখ সৃষ্টি হ’ব।২০১৭ চনৰ পৰা অযোধ্যাত দীপাৱলীৰ কাৰ্যসূচী

২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা

দীপাৱলী উপলক্ষে ৰামনগৰী অযোধ্যাক ২৬ লাখ চাকিৰে সজাই তোলা হৈছে। দীপাৱলীৰ কাৰ্যসূচীত বিশ্ব অভিলেখ সৃষ্টিৰ প্ৰস্তুতি চলাইছে অযোধ্যাবাসীয়ে।

এইবাৰ দীপাৱলীত ইয়াত একেলগে ২৬ লাখ চাকি জ্বলোৱা হ’ব।ইয়াৰ লগে লগে বিশ্ব অভিলেখ সৃষ্টি হ’ব।২০১৭ চনৰ পৰা অযোধ্যাত দীপাৱলীৰ কাৰ্যসূচী পালন কৰি থকা হৈছে।

প্ৰতি বছৰে ইয়াত চাকিৰ সংখ্যা বৃদ্ধি পায়।প্ৰথম অৱস্থাত ইয়াত প্ৰায় এক লাখ চাকি জ্বলোৱা হৈছিল আৰু এতিয়া এই সংখ্যা ২৬ লাখ হৈছেগৈ।

প্ৰতিবছৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।তেওঁ ৰাম আৰু সীতাৰ সাজ-পোছাক পৰিধান কৰি থকা শিল্পীসকলক পূজা কৰিলে।

মুখ্যমন্ত্ৰী গৰাকীয়ে তাত উপস্থিত হৈ কয় যে, য’ত এটা সময়ত কেৱল গুলীৰ শব্দ শুনা গৈছিল, সেই স্থানত এতিয়া লাখ লাখ চাকি জ্বলিছে। তাতকৈ ভালকথা আৰু কি হ’ব পাৰে।

লগতে পঢ়ক: দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড…