দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড...

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড দিল্লীৰ ডাঃ বিষাম্বৰ দাস মাৰ্গৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।এই অট্টালিকাটোত বহু লোকসভা আৰু ৰাজ্যসভাৰ সাংসদে বাস কৰে। এই ভৱনটো সংসদ ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত।অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ ডাঃ বিষাম্বৰ দাস মাৰ্গৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।এই অট্টালিকাটোত বহু লোকসভা আৰু ৰাজ্যসভাৰ সাংসদে বাস কৰে।

এই ভৱনটো সংসদ ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত।অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। অগ্নিনিৰ্বাপকৰ ৬ খনকৈ বাহনে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।

লগতে পঢ়ক: গৰিব ৰথ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল কেইবাটাও ডবা