চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনত শিল্পী দিগন্ত ভাৰতীক অপমান কৰাৰ পিছত সৰৱ হৈ পৰিছে ৰাজ্যৰ শিল্পী সকল।সকলো শিল্পীয়েই চানমাৰি পূব গুৱাহাটী বিহু সমিটিক দিগন্ত ভাৰতীক ক্ষমা খুজিবৰ বাবে দাবী জনাইছে।
তাৰ মাজতে চানমাৰি বিহু সন্মিলনী আৰু দিগন্ত ভাৰতীৰ বিতৰ্ক সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
বকোৰ ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চতে ঘটনাক লৈ হুংকাৰ দিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে।অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে ৭বিহুৰ ভিতৰত চানমাৰি বিহু সন্মিলনীক ক্ষমা খোজাৰ দাবী জনায় মানস ৰবীনে।
যদি ৭ বিহুৰ ভিতৰত ক্ষমা নিখুজিলে তেনেহলে চানমাৰি বিহু সন্মিলনীত কেতিয়াও গীত পৰিৱেশন নকৰাৰ হুংকাৰ মানস ৰবীনৰ। এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা বুলিও কয় মানস ৰবিনে।
Post Views: 43