আনক প্ৰৱঞ্চনা কৰি কৌশলেৰে একাংই ধন ঘটি অহাৰ বাতৰি আপুনি প্ৰায়েই শুনি আহিছে । বিভিন্ন সময়ত সহজ-সৰল লোকক কৌশলেৰে জালত পেলাই প্ৰৱঞ্চনা কৰি আহিছে একাংশ প্ৰৱঞ্চকে । আনক নিজৰ জালত পেলাবলৈ প্ৰৱঞ্চকবোৰে গ্ৰহণ কৰে নিত্য নতুন কৌশল । ইয়াৰ মাজতে এইবাৰ সংঘটিত এক আজৱ ঘটনা । এইবাৰ বৃদ্ধ অৱস্থাৰ পৰা ডেকা কৰি তোলা যন্ত্ৰৰ নামত প্ৰৱঞ্চনাৰে কোটি টকা সৰকালে এটা দম্পত্তীয়ে ।
ইজৰাইলী মেচিনেৰে বৃদ্ধক ডেকা কৰাৰ ভুৱা আশ্বাস প্ৰদান কৰি প্ৰায় ৩৫ কোটি টকা সৰকোৱা এটা দম্পতীৰ কাহিনী হোপৰলৈ আহিছে । দম্পত্তীটোৰ বেংক একাউণ্টৰ পৰা আৰক্ষীয়ে আচৰিত তথ্য লাভ কৰিছে । এতিয়ালৈকে আৰক্ষীয়ে দুটা বেংকত থকা অভিযুক্তৰ ৬টা একাউণ্ট পৰীক্ষা কৰিছে । কিন্তু এই ৬টা একাউণ্টত মুঠতে ৬০০ টকাহে আছে বুলি তথ্য লাভ কৰি আচৰিত হৈ পৰিছে আৰক্ষী । হাজাৰ হাজাৰ লোকক প্ৰতাৰণা কৰি প্ৰায় ৩৫ কোটি টকাৰ প্ৰৱঞ্চনা কৰা অভিযুক্ত দম্পত্তীটোৱে ক’ত ধনসমূহ ৰাখিছে সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।
উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা ৰাজীৱ দুবে আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে এইন অভিযোগ । অভিযোগ অনুসৰি দম্পত্তীটোৱে এটা সংগঠন খুলি চহৰখনৰ লোকসকলক ইজৰাইলৰ পৰা অনা এটা যন্ত্ৰ অনা বুলি দাবী কৰে, যাৰ দ্বাৰা এজন ৬৫ বছৰীয়া বৃদ্ধও চিকিৎসা গ্ৰহণ কৰি ২৫ বছৰীয়া যুৱক হ’ব পাৰিব । এই দাবীৰ পিছত, চহৰখনৰ হাজাৰ হাজাৰ লোকে তেওঁলোকৰ ধন প্ৰৱঞ্চক দম্পতীটোক দিছিল । কিন্তু এই যন্ত্ৰটো কাম কৰা নাছিল আৰু স্বামী-স্ত্ৰী দুয়ো প্ৰায় ৩৫ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাই পলায়ন কৰে ।
এগৰাকী ভুক্তভোগীয়ে ১৭ দিন পূৰ্বে দম্পতীটোৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰ অনুসৰি, ইজৰাইলী যন্ত্ৰ এটাৰ পৰা অক্সিজেন থেৰাপী প্ৰদান কৰি, ই লোকসকলক পাঁচবাৰত ৬৫ বছৰৰ পৰা ২৫ বছৰীয়া কৰি তুলিব বুলি দাবী কৰিছিল প্ৰৱঞ্চক পতি-পত্নীয়ে । কিন্তু দম্পতীটোৰ দাবী মিছা বুলি প্ৰমাণিত হৈছিল আৰু তেওঁলোকে বহুলোকৰ কোটি কোটি টকা লৈ পলায়ন কৰিছিল ।
আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে আৰু দম্পতীটোৰ বেংক একাউণ্টবোৰো পৰীক্ষা কৰে । আৰক্ষী আয়ুক্তজনে কিদৱাই নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা ছয় জনীয়া এছ আই টি গঠন কৰে । তদন্তত দম্পতীটোৰ দুটাকৈ বেংকত ৬ টা একাউণ্ট বিচাৰি পায় । কিন্তু ইয়াৰ পিছতে তদন্তকাৰী দলটো আচৰিত হৈ পৰে । কাৰণ দম্পত্তীটোৰ এই ৬ টা একাউণ্টত মাত্ৰ ৬০০ টকাহে জমা আছে । এনে পৰিস্থিতিত, অনুমান কৰা হৈছে যে অভিযুক্তই তেওঁলোকৰ ধন আন ঠাইতো বিনিয়োগ কৰিছে ।
তদন্তকাৰী বিষয়াই কয় যে কেইবা বছৰৰ ভিতৰত অভিযুক্তৰ একাউণ্টত মুঠ ৭৬ লাখ টকাৰ লেনদেন কৰা হৈছে । অভিযোগ আছে যে তেওঁলোকে মানুহৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনা কৰিছে, গতিকে তেওঁলোকে কোনবোৰ একাউণ্টলৈ এই ধন স্থানান্তৰ কৰিছে অনুসন্ধান কৰি থকা হৈছে । লগতে, দম্পতীটোৰ সন্থানত অভিযান অব্যাহত আছে ।