দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত ৰামলীলা মঞ্চস্থ কৰা দেখিবলৈ পোৱা গৈছে। বিজয়া দশমীৰ পৰা আৰম্ভ হ’বলগীয়া ৰামলীলাত বহু সময়ত মুছলমান অভিনেতাই ৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।প্ৰতিবছৰে লক্ষ্ণৌৰ ৰুদহী গাঁৱত দেখিবলৈ পোৱা যায় এক ব্যতিক্ৰমী ৰামলীলা । ১৯৭২ চনৰে পৰাই গাওঁখনত মুছলমান লোকসকলেই মঞ্চস্থ কৰি আহিছে ৰামলীলা । তেতিয়াৰে পৰাই চলি আহিছে এই পৰম্পৰা । এই ৰামলীলাত কোনো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী দেখিবলৈ পোৱাৰ বিপৰীতে গাঁৱৰে মুছলমান লোক সকলে অভিনয় কৰে ইয়াত । হিন্দু মুছলমানৰ এই সম্প্ৰীতিক লৈ গৌৰৱান্বিত স্থানীয় ৰাইজ।