২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশন ২০ ডিচেম্বৰলৈকে চলিব । ইয়াৰ পূৰ্বে দেওবাৰে চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে, য’ত চৰকাৰে সংসদ সুচাৰুৰূপে চলাৰ বাবে সকলো দলকে আহ্বান জনায় । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই তথ্য প্ৰদান কৰে । শীতকালীন অধিৱেশনৰ বাবে চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে যদিও বিৰোধীয়ে কিছু বিষয়ক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে ।
এই অধিৱেশনত চৰকাৰে ৫খন নতুন আইনকে ধৰি ১৫খন বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে যদিও বিৰোধীয়ে আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ উপৰিও মণিপুৰ বিষয়, উত্তৰ ভাৰতৰ প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে ।
৫খন নতুন আইনকে ধৰি ১৫খন বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি-
সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত মোদী চৰকাৰে ৫খন নতুন আইনকে ধৰি ১৫খন বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে । সমবায় বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়কখনো নতুন পাঁচখন বিধেয়কত অন্তৰ্ভুক্ত কৰা হৈছে । বাকী থকা বিধেয়কসমূহৰ ভিতৰত ৱাকফ (সংশোধনী) বিধেয়কখনো অন্তৰ্ভুক্ত কৰা হৈছে, যিখন বিধেয়ক দুয়োটা সদনৰ যুটীয়া সমিতিয়ে লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ পিছত বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ।
বৰ্ষাকালীম অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰাৰ পিছত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা ৱাকফ (সংশোধনী) বিধেয়কখনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব । এই অধিৱেশনত হুলস্থুলৰ সম্ভাৱনা আছে, কাৰণ ইতিমধ্যে বিৰোধী দলসমূহে ৱাকফ বিধেয়কৰ তদন্ত কৰা জে পি চিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ দাবী জনাইছে । নতুন বিধেয়কখনত প্ৰস্তাৱিত বহু সংশোধনীৰ বিৰোধিতা কৰিছে বিৰোধী দল আৰু মুছলমান সংগঠনে ।
বিৰোধীয়ে এই ৪টা বিষয়ত সংসদত আলোচনা কৰিব বিচাৰে-
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কংগ্ৰেছে আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ সন্দৰ্ভত আলোচনাৰ দাবী জনায় । মণিপুৰ বিষয়, উত্তৰ ভাৰতৰ প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনা সন্দৰ্ভতো আলোচনাৰ দাবী জনাইছে বিৰোধী দলটোৱে । কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে সাংবাদিকৰ আগত কয় যে তেওঁৰ দলে আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ সন্দৰ্ভত সংসদত আলোচনাৰ অনুমতি দিবলৈ চৰকাৰক আহ্বান জনাইছে । সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সংসদৰ বৈঠকত এই বিষয়টো প্ৰথমে উত্থাপন হোৱাটো তেওঁৰ দলে বিচাৰে ।
কিয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিলে ?
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল, য’ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈৰ উপৰিও টি শিৱ, হৰ্সিমৰাট কৌৰ বাদল আৰু অনুপ্ৰিয়া পেটেল উপস্থিত আছিল ৷
উল্লেখ্য যে সোমবাৰৰ পৰা (২৫ নৱেম্বৰ) শীতকালীন অধিবেশন আৰম্ভ হ’ব আৰু ২০ ডিচেম্বৰলৈকে চলিব । এই সময়ছোৱাত চৰকাৰে শীতকালীন অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কে তথ্য প্ৰদান কৰাৰ লগতে সংসদ সুচাৰুৰূপে চলাৰ বাবে সকলো দলকে আহ্বান জনায় । সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব ।