আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) ২০২৫-২০২৯ বৰ্ষৰ সূচী প্ৰকাশ কৰিছে, যাক যাক ফিউচাৰ ট্যুৰ প্ৰগ্ৰাম (এফ টি পি) বুলি নামাকৰণ কৰা হৈছে । এই পদক্ষেপ আই চি চি মহিলা চেম্পিয়নশ্বিপ চক্ৰৰ অংশ হ’ব, যাৰ অধীনত অহা ৪ বছৰৰ ভিতৰত মহিলা ক্ৰিকেটাৰৰ মাজত ৪৪ খন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । কিন্তু এই পদক্ষেপৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল ২০২৫-২০২৯ চনলৈ প্ৰতি বছৰে মহিলা ক্ৰিকেটাৰসকলৰ বাবে আই চি চি প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব ।
২০২৯ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপলৈ লক্ষ্য ৰাখি এই কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে, য’ত ১১টা দলে অংশগ্ৰহণ কৰিব । জিম্বাবুৱে এই প্ৰতিযোগিতাত অভিষেক ঘটাব, যিয়ে বিশ্বজুৰি মহিলা ক্ৰিকেটৰ বৃদ্ধিত অৰিহণা যোগাব । অহা চাৰি বছৰৰ ভিতৰত প্ৰতিটো দলে ঘৰুৱা ক্ষেত্ৰত চাৰিখন এদিনীয়া শৃংখলা খেলিব আৰু বিদেশৰ মাটিত চাৰিটাকৈ এদিনীয়া শৃংখলা খেলিব । এইদৰে মুঠ ৪৪ খন ছিৰিজ অনুষ্ঠিত হ’ব, প্ৰতিখন ছিৰিজ ৩ খনীয়া মেচৰ হ’ব । অৰ্থাৎ সকলো দলৰ মাজত মুঠ ১৩২খন মেচ হ’ব ।
প্ৰতি বছৰে অনুষ্ঠিত হ’ব আই চি চি টুৰ্ণামেণ্ট-
লগতে অহা চাৰি বছৰৰ ভিতৰত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিকৰ পৰা অধিক মেচ যাতে খেলিব পৰা যায় সেয়াও এফ টি পিয়ে নিশ্চিত কৰিব । উল্লেখ্য যে ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ পিছত এই কাৰ্যসূচী আৰম্ভ হ’ব । ২০২৫-২০২৯ বৰ্ষলৈ মহিলা ক্ৰিকেট দলৰ মাজত ৪০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব ।
২০২৫ চনত মহিলা ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব আৰু এই টুৰ্ণামেন্ট ভাৰতে আয়োজন কৰিব । ২০২৬ চনত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ । এতিয়ালৈকে চেম্পিয়নছ ট্ৰফী কেৱল পুৰুষৰ ক্ৰিকেটতহে আয়োজন কৰা হৈছিল যদিও ২০২৭ চনত প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেট দলৰ মাজতো চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব । ২০২৮ চনত পুনৰ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ, যি অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৬ বাৰকৈ জয়লাভ কৰিছে । এই মহিলা চেম্পিয়নশ্বিপ চক্ৰ ২০২৯ চনত শেষ হ’ব, য’ত মহিলা এদিনীয়া বিশ্বকাপৰ চতুৰ্দশ সংস্কৰণ অনুষ্ঠিত হ’ব ।