উৎসৱৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হ’ল সৰু-বৰ কেবাটাও পথ দুৰ্ঘটনা । গুৱাহাটী মহানগৰীৰ লগতে কেবাটাও প্ৰান্তত হোৱা পথ দুৰ্ঘটনাত পতিত হ’ল শতাধিক । ইতিমধ্যে দুৰ্ঘটনাত পতিত লোকেৰে ভৰি পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ।
প্ৰাপ্ত খবৰ অনুসৰি দুৰ্গা পূজাৰ সময়ত বিগত ৪৮ ঘন্টাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি হৈছে ১২০ জন লোক । ১২০ গৰাকীয়েই দুৰ্ঘটনাত পতিত হোৱা লোক ।
ইয়াৰে গুৱাহাটীৰ বাহিৰৰ ৫৯ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱাৰ বিপৰীতে গুৱাহাটীৰ বাহিৰৰ ৬১ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছে ।
বৰ্তমান ২৪ জন লোক চিকিৎসাধীন হৈ আছে জি এম চি এইছত । ইফালে বিগত ২৪ ঘন্টাত দুৰ্ঘটনাত নিহত হৈছে এজন লোক ।
উল্লেখ্য যে, বিভিন্ন উৎসৱৰ সময়ছোৱাত ৰাজ্যখনত ব্যাপক পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । সুৰাপায়ীৰ কৰি বাহন চলোৱা অথবা তীব্ৰ গতিৰ বাবে এই দুৰ্ঘটনাসমূহ সংঘটিত হয় ।