এজন পৰ্তুগীজ পুৰাতত্ত্ববিদ, তেওঁৰ নাম আলেকজেণ্ডাৰ মণ্টেইৰো । তেওঁ দাবী কৰিছে যে পৰ্তুগালৰ আশে-পাশে ২৫০খন জাহাজ সাগৰত ডুব গৈ থকা অৱস্থাত আছে যিবোৰ ধন-সম্পদৰে ভৰা । এখন জাহাজত কমেও ২২ টন সোণ আৰু ৰূপ আছে । মণ্টেইৰোৱে কয় যে যিয়েই এই ধন-সম্পদ বিচাৰি পাব, তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হ’ব পাৰিব ।
মণ্টেইৰোৱে দাবী কৰিছে যে ১৫৮৯ চনত লিছবনৰ দক্ষিণে থকা ট্ৰ’জান উপদ্বীপৰ ওচৰত এখন স্পেনিছ গেলিয়ন জাহাজ ডুব গৈছিল । বিশেষকৈ নোছা চেনহোৰা ডো ৰোজাৰিয়া সাগৰীয় অঞ্চলত । ইয়াত ২২ টন সোণ আৰু ৰূপ পোৱা যাব বুলি আশা কৰা হৈছে । মণ্টেইৰোৱে কয় যে তেওঁ এটা বিশেষ ধৰণৰ ডাটাবেছ তৈয়াৰ কৰিছে ।
প্ৰায় ৮৬২০খন জাহাজ ডুব গৈছে-
এই ডাটাবেছত মাদেইৰা, আজোৰছ আৰু দেশখনৰ অন্যান্য অঞ্চলত ধন-সম্পত্তিৰ জাহাজ ক’ত ডুব গৈছে তাৰ তথ্য সন্নিবিষ্ট কৰা হৈছে । এই সকলোবোৰ জাহাজ ষোড়শ শতিকাৰ পৰা এতিয়ালৈকে ডুব গৈছে । পৰ্তুগালৰ চাৰিওফালে ডুব যোৱা জাহাজৰ সংখ্যা প্ৰায় ৮৬২০খন । প্ৰশ্ন হয় যে পৰ্তুগালত এই ধন-সম্পত্তিসমূহ নিৰাপদে সংৰক্ষণ আৰু পৰিচালনাৰ সুবিধা নাই ।
সম্পদসমূহৰ সামুদ্ৰিক নিৰাপত্তা অতি প্ৰয়োজনীয়-
দেশখনৰ আন আন পুৰাতত্ত্ববিদসকলে কয় যে এই জাহাজসমূহৰ পৰা লুটকাৰীয়ে সাগৰৰ পৰা এই সম্পদ লুট কৰিব পাৰে । ইয়াক কোনেও বাধা দিব নোৱাৰিব । এনে জাহাজ প্ৰথমে আৱিষ্কাৰ হোৱাটো জৰুৰী । তাৰ পিছত সাগৰত সুৰক্ষিত কৰি ৰাখিব লাগিব । ইয়াৰ পিছত সম্পদখিনি উলিয়াই সঠিক ঠাইত ৰাখিব লাগিব ।
উল্লেখ্য যে, পৰ্তুগাল বিশ্বৰ সৰ্ববৃহৎ ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল । কেতিয়াবা দক্ষিণ আমেৰিকা, কেতিয়াবা আফ্ৰিকা আৰু কেতিয়াবা পূব ভাৰতৰ । এই ঘটনা পঞ্চদশ আৰু ১৭ শতিকাৰ ভিতৰত সংঘটিত হৈছিল । পৰ্তুগালৰ ঔপনিৱেশিক শাসনৰ অন্ত পৰাত ব্ৰাজিল, এংগোলা, মোজাম্বিক আৰু অন্যান্য স্বাধীন দেশলৈ ৰূপান্তৰিত হয় ।