আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যদি আমি ত্ৰিশতকৰ কথা কওঁ, তেন্তে ই কেৱল ৰেড বলৰ ফৰ্মেটতহে হৈছে । এতিয়ালৈকে এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ত্ৰিশতক অৰ্জন কৰাৰ কৃতিত্ব কোনেৱে লাভ কৰিব পৰা নাই । টেষ্টত ত্ৰিশতক অৰ্জন কৰা বেটছমেনসকলৰ মাজত মাত্ৰ কেইটামান নামহে অন্তৰ্ভুক্ত হৈছে । ব্ৰেডমেন-ছেহৱাগৰ পৰা লাৰা-গেইললৈকে বেটছমেনে ৩২ বাৰ ট্ৰিপল চেঞ্চুৰী বা ত্ৰিশতক কৰাৰ কৃতিত্ব অৰ্জন কৰিছে যদিও ৩০০ ৰান সম্পূৰ্ণ কৰা আটাইতকৈ দ্ৰুত বেটছমেনৰ নাম জানেনে ? ১৬ বছৰ পূৰ্বে ২০০৮ চনত এই অভিলেখ গঢ়িছিল এইজন বেটছমেনে, যিটো এতিয়ালৈকে কোনেও ভংগ কৰিব পৰা নাই ।
ব্ৰেডমেন-ছেহৱাগ-গেfল আৰু লাৰাই দুবাৰকৈ অৰ্জন কৰিছিল এই সফলতা-
বহু মহান বেটছমেনে ত্ৰিশতক অৰ্জন নকৰাকৈয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্ত কৰাৰ বিপৰীতে ব্ৰেডমেন, ছেহৱাগ, গেইল আৰু লাৰাই দুবাৰকৈ ত্ৰিশতক অৰ্জন কৰাত সফল হৈছে । বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেন ডন ব্ৰেডমেন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুটা ত্ৰিশতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় । ব্ৰেডমেনৰ তালিকাত ব্রায়ান লাৰাৰ নামো যোগ হৈছিল । ইয়াৰ পিছতে ভাৰতীয় বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে নিজকে এই মহান ক্লাবত অন্তৰ্ভুক্ত কৰিলে । ইয়াৰ পাছত ক্ৰীছ গেইলেও দুটা ত্ৰিশতক অৰ্জন কৰা বেটছমেনৰ ভিতৰত নিজকে অন্তৰ্ভুক্ত কৰে ।
কোনে দ্ৰুততম ত্ৰিশতক অৰ্জন কৰিছে ?
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ত্ৰিশতক অৰ্জন কৰাৰ বিশ্ব অভিলেখ বীৰেন্দ্ৰ ছেহৱাগৰ নামত আছে । বিস্ফোৰক বেটিঙেৰে বলাৰসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা এই প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ২০০৮ চনত ঐতিহাসিক ইনিংছ খেলি এই অভিলেখ গঢ়িছিল । চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত ছেহৱাগে ৩১৯ ৰানৰ মাৰাথন ইনিংছ খেলিছিল । ইনিংছৰ ২৭৮ নং বলত ছেহৱাগে ত্ৰিশতক সম্পূৰ্ণ কৰে । তেওঁৰ বিশ্ব অভিলেখৰ ১৬ বছৰ পাৰ হৈ গ’ল, কিন্তু এতিয়ালৈকে কোনেৱে ইয়াক ভংগ কৰাত সফল হোৱা নাই ।
৪২টা চাৰি আৰু ৫টা ছয়-
দক্ষিণ আফ্ৰিকাৰ বলাৰসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰি ছেহৱাগে ৩১৯ ৰানৰ ইনিংছত বহু চাৰি আৰু ছয় কোবাই । এই ঐতিহাসিক ইনিংছত তেওঁ ৪২টা চাৰি আৰু ৫টা ছয় কোবাই । ৩০৪ টা বলৰ সন্মুখীন হৈ ছেহৱাগে ৫৩০ মিনিট বেটিং কৰে । উল্লেখ্য যে, ছেহৱাগৰ দ্বিতীয়টো ত্ৰিশতক দ্ৰুততম ত্ৰিশতকৰ তালিকাত চতুৰ্থ স্থানত আছে, যিটো তেওঁ পাকিস্তানৰ বিৰুদ্ধে অৰ্জন কৰিছিল । ২০০৪ চনত মুলতানত অনুষ্ঠিত মেচখনত তেওঁ ৩০৯ ৰানৰ ইনিংছ খেলিছিল, য’ত তেওঁ ৩৬৪ বলত ত্ৰিশতক সম্পূৰ্ণ কৰে ।
দ্ৰুততম ত্ৰিশতক অৰ্জন কৰা বেটছমেন-
বীৰেন্দ্ৰ ছেহৱাগ – ২৭৮ বল
হেৰী ব্ৰুক – ৩১০ বল
মেথিউ হেডেন – ৩৬২ বল
বীৰেন্দ্ৰ ছেহৱাগ – ৩৬৪ বল