‘দেউতাৰ কথা শুনিব লাগিব…’; অভিষেক মেচৰ পাছতে আৰ্যবীৰ ছেহৱাগৰ মন্তব্য
অভিষেক মেচৰ পাছতে আৰ্যবীৰ ছেহৱাগৰ মন্তব্য
দিল্লী প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণত ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগক চেণ্ট্ৰেল দিল্লী কিংছ দলত অন্তৰ্ভুক্ত কৰা হয়।
প্ৰায় গোটেই ছিজনটো বেঞ্চত বহি থকাৰ পিছত অৱশেষত আৰ্যবীৰে দলটোৰ শেষৰখন লীগ মেচত অভিষেক মেচ খেলাৰ সুযোগ পালে।
চেণ্ট্ৰেল দিল্লী কিংছৰ দলে যশ ধুলৰ ঠাইত আৰ্যবীৰ ছেহৱাগক প্লেয়িং ১১ ত অন্তৰ্ভুক্ত কৰা হৈছিল যি দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হোৱাত বাকী মেচসমূহৰ কাৰণে উপলব্ধ নহয়।
আৰ্যবীৰ সেহৱাগে নিজৰ অভিষেক মেচত পিতৃৰ দৰে আক্ৰমণাত্মক খেল দেখুৱাইছিল যদিও তেওঁ নিজৰ ইনিংছ দীঘলীয়া কৰিব নোৱাৰিলে। আৰ্যবীৰে অভিষেক মেচখনৰ অভিজ্ঞতা সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰে।
ডি পি এলত অভিষেক মেচৰ পিছত আৰ্য্যবীৰ ছেহৱাগে কয় যে, শেষৰ মেচখনৰ পিছত গম পালোঁ যে মই পৰৱৰ্তী মেচখন খেলিম।অধিনায়ক জন্টি সিদ্ধু ভাইয়াই মোক কৈছিল যে মই পৰৱৰ্তী মেচখন খেলিম।
বেটিং কৰিবলৈ ওলাই আহোঁতে সেই সময়ত মই নিশ্চিতভাৱে অলপ নাৰ্ভাছ হৈছিলোঁ কিন্তু প্ৰথম দুটা বাউণ্ডেৰী মৰাৰ পিছত মোৰ আত্মবিশ্বাস অলপ বাঢ়িল আৰু সেইটোৱে মোক স্থিৰ হ’বলৈ সহায় কৰিলে।
মই যদিও মোৰ ইনিংছ বঢ়াব পৰা নাছিলো কিন্তু অহাবাৰ ডাঙৰ ইনিংছ খেলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।মই জানো যে মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে, কিন্তু মই ইয়াৰ বিষয়ে বেছি নাভাবো,মই মাত্ৰ খেলখনত মনোনিৱেশ কৰো।
যেতিয়া আৰ্যবীৰক প্লে অফৰ আগতে দেউতাকৰ পৰা পৰামৰ্শ লোৱাৰ কথা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল যে যেতিয়া দেউতাই কথা কয়, তেতিয়া শুনিব লাগিব।
লগতে পঢ়ক: এছিয়া কাপৰ পূৰ্বে ড্ৰিম১১ৰ ডাঙৰ সিদ্ধান্ত; ‘এতিয়া টিম ইণ্ডিয়াক স্পন্সৰশ্বিপ সম্ভৱ নহয়…’
