আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ অনুষ্ঠিত হৈ আছে এডভাণ্টেজ আছাম 2.0।এই এডভাণ্টেজ আছামৰ পৰা ৰাজ্যবাসীলৈ আহিছে কেইবাটাও ভাল খবৰ।
এই অনুষ্ঠানত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত হৈ ডাঙৰ ঘোষণা কৰে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সন্মিলন খনত অংশগ্ৰহণ কৰি উদ্যোগপতি গৌতম আদানীয়ে অসমৰ প্ৰশংসা কৰে। তাৰ লগতে অসমৰ বাবে ৫০,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে।
AIRPORT, চিমেন্ট,ৰোড প্ৰজেক্ট, চিটি গেছ ডিষ্ট্ৰিবিউছন, ট্ৰান্সমিছনত ক্ষেত্ৰত আদানীয়ে বিনিয়োগ কৰিব বুলি আদানীয়ে মন্তব্য কৰে।
ইফালে এডভান্টেজ আসাম ২.০ত টাটা গ্ৰুপে আগন্তুক ৫ বছৰত ৩০ হাজাৰ নিবনুৱাই নিযুক্তি পাব বুলি উল্লেখ কৰিছে।
তেওঁলোকে কয় যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে অসমৰ সৈতে টাটাৰ এক বিশেষ সম্পৰ্ক গঢ়ি উঠিছে আৰু এয়া মাত্ৰ আৰম্ভণি হে।
ভৱিষ্যতত এই সম্পৰক আৰু গাঢ় হ’ব। আগন্তুত ৫ বছৰত টাটা গ্ৰুপে অসমত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব।
আনহাতে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়েও ডাঙৰ ঘোষণা কৰে। আম্বানীয়ে কয় যে, অহা ৫ বছৰত মূল ক্ষেত্ৰত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্স গ্ৰুপে।AI কে ধৰি সপ্তম তাৰকাযুক্ত হোটেলো অসমত নিৰ্মাণ কৰিব আম্বানীয়ে।