ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ বাবে মেগা নিলামত নতুনকৈ সাজু হৈছে এক শক্তিশালী দল । ঋষভ পন্টৰ দৰে খেলুৱৈ এই দলত প্ৰৱেশ কৰিছে । অৱশ্যে লক্ষ্ণৌ ছুপাৰজায়েন্টছ দলে ঋষভ পন্টক ক্ৰয় কৰিবলৈ ২৭ কোটি টকাৰ বিপুল পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয় । এই মেগা নিলামত লক্ষ্ণৌ দলে মুঠ ১৯ গৰাকী খেলুৱৈ ক্ৰয় কৰিছে । নিলামৰ পূৰ্বে দলটোৱে পাঁচজন খেলুৱৈক ৰিটেইন ৰাখিছিল, য’ত চাৰিজন ভাৰতীয় আৰু এজন বিদেশী খেলুৱৈ আছে । এনে পৰিস্থিতিত মেগা নিলামৰ পিছত এতিয়া লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ সমগ্ৰ দলটো কেনেকুৱা জানক-
আই পি এল ২০২৫ৰ নিলামত লক্ষ্ণৌৱে ক্ৰয় কৰা খেলুৱৈ-
ঋষভ পন্ট- উইকেটকীপাৰ, বেটছমেন- ২৭ কোটি টকা
ডেভিদ মিলাৰ- বেটছমেন- ৭.৫০ কোটি
এইডেন মাৰ্কৰাম-বেটছমেন- ২ কোটি
মিচেল মাৰ্চ- অলৰাউণ্ডাৰ – ৩.৪০ কোটি
আভেশ খান- বলাৰ- ৯.৭৫ কোটি
আব্দুল ছামাদ- অলৰাউণ্ডাৰ- ৪.২০ কোটি
আৰ্য্য জুয়াল- উইকেটকীপাৰ- বেটছমেন ৩০ লাখ
আকাশ দীপ- বলাৰ- ৮ কোটি
হিম্মত সিং- বেটছমেন- ৩০ লাখ
শ্বাহবাজ আহমেদ- অলৰাউণ্ডাৰ- ২.৪০ কোটি
এম. সিদ্ধাৰ্থ- বলাৰ- ৭৫ লাখ
দিগবেশ সিং- বলাৰ- ৩০ লাখ
আকাশ সিং- বলাৰ- ৩০ লাখ
শ্বেমাৰ জোচেফ- বলাৰ- ৭৫ লাখ
মেথিউ ব্ৰিট্জকে- বেটছমেন- ৭৫ লাখ
প্ৰিন্স যাদৱ- অল-ৰাউণ্ডাৰ- ৩০ লাখ
দিগবেশ সিং- বলাৰ- ৩০ লাখ
আকাশ সিং- বলাৰ- ৩০ লাখ
যুৱৰাজ চৌধুৰী- অলৰাউণ্ডাৰ- ৩০ লাখ
নিলামৰ পূৰ্বে লক্ষ্ণৌৰ ৰিটেইনড খেলুৱৈ-
নিকোলাছ পুৰাণ (ৱেষ্ট ইণ্ডিজ) ২১ কোটি টকা
ৰবি বিষ্ণোই (ভাৰত) ১১ কোটি
মায়ংক যাদৱ (ভাৰত) ১১ কোটি
মহচিন খান (ভাৰত) ৪ কোটি
আয়ুষ বদোনী (ভাৰত) ৪ কোটি