ভাৰতৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সাৰ্বভৌম পৰিচয়ৰ ভেটি স্থাপন কৰা, ১৯৪৯ চনত ভাৰতীয় সংবিধান গ্ৰহণৰ স্মৃতিত ২৬ নৱেম্বৰ মঙলবাৰে ভাৰতীয় জনসাধাৰণে সংবিধান দিৱস উদযাপন কৰিছে । সংবিধান দিৱসে গণতান্ত্ৰিক আদৰ্শক শক্তিশালী কৰে, সক্ৰিয় নাগৰিকৰ অংশগ্ৰহণ আৰু দায়বদ্ধতাক উৎসাহিত কৰে । ই সকলো নাগৰিকৰ বাবে এখন প্ৰগতিশীল, সৰ্বাংগীন আৰু সমতাপূৰ্ণ সমাজ গঢ়াৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা মনত পেলাই দিয়ে ।
সংবিধান দিৱস কিয় পালন কৰা হয় ?
এই দিৱসত সংবিধানৰ মুখ্য স্থপতি ড০ বি আৰ আম্বেদকাৰক সন্মান জনোৱা হয় আৰু সাংবিধানিক মূল্যবোধ, অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হয় । ইয়াৰ উপৰিও, এই দিনটোত ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয় ।
কেতিয়াৰ পৰা আৰম্ভ হ’ল সংবিধান দিৱস উদযাপন-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ পৰা ড° ভীমৰাও আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সংবিধান দিৱস উদযাপন আৰম্ভ কৰিছিল । ইয়াৰ উদ্দেশ্য হৈছে নাগৰিকসকলৰ মাজত সাংবিধানিক মূল্যবোধৰ প্ৰতি সজাগতা বৃদ্ধি কৰা ।
ইয়াৰ ইতিহাস কি ?
স্বাধীন ভাৰত গঠনৰ পাছত সংবিধান সভাই ড০ বি আৰ আম্বেদকাৰৰ নেতৃত্বত গঠিত এখন কমিটীৰ হাতত সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব অৰ্পণ কৰে । ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ ১৯৪৬ চনত প্ৰতিষ্ঠা হোৱা সংবিধান সভাৰ সভাপতি আছিল ।
১৯৪৮ চনত, ড০ আম্বেদকাৰে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰে আৰু ইয়াক সংবিধান সভাত উপস্থাপন কৰে । এই খচৰাখন খুব কম সংশোধনৰ সৈতে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হৈছিল । ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল, যাক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় ।
স্বাধীন ভাৰতৰ বাবে সংবিধান প্ৰস্তুত কৰাৰ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ঐতিহাসিক কামটো সম্পূৰ্ণ কৰিবলৈ সংবিধান সভাই প্ৰায় তিনি বছৰ সময় লৈছিল । ১,১৭,৩৬০ শব্দৰ সৈতে ভাৰতীয় সংবিধান (ইংৰাজী সংস্কৰণত), হৈছে বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান ।
তাৎপৰ্য-
ভাৰতৰ সংবিধান দিৱসত ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰচাৰ কৰোঁতে ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু সাংবিধানিক আদৰ্শ, অধিকাৰ আৰু প্ৰতিশ্ৰুতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয় ।
ভাৰতৰ পৰিৱৰ্তনশীল যাত্ৰাৰ প্ৰতি প্ৰতিফলন ঘটাই আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি এই দিনত এক সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্যৰ ভেটি স্থাপনৰ ক্ষেত্ৰত সংবিধান সভাৰ দৃষ্টিভংগী আৰু প্ৰচেষ্টাকো সন্মান জনোৱা হয় ।