ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল মেৰিন যুঁজাৰু বিমান ক্ৰয়ৰ মেগা চুক্তিত অনুমোদন জনাইছে । ৬৩ হাজাৰ কোটিতকৈও অধিক মূল্যৰ এই চৰকাৰী চুক্তি শীঘ্ৰে স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাই লাভ কৰিব ২২খন একক আসনৰ আৰু চাৰিখন টুইন আসনৰ ৰাফেল বিমান । এই চুক্তিয়ে ভাৰতীয় বায়ুসেনাৰ ৰাফেল বিমানৰ সামৰ্থ্য উন্নীতকৰণতো সহায় কৰিব । ভাৰতীয় নৌসেনাৰ বিমানৰ বহৰত অথবা এয়াৰক্ৰাফ্ট কেৰিয়াৰত অন্তৰ্ভুক্ত কৰা হ’ব ৰাফেল-এম জেট বিমানক ।
ভাৰতীয় নৌসেনাৰ কৌশলগত শক্তি বৃদ্ধি-
ফ্ৰান্সৰ ডাছল্ট এভিয়েশ্যন কোম্পানীয়ে নিৰ্মাণ কৰা ভাৰতীয় বায়ুসেনাৰ ৰাফেল বিমানৰ দৰে অত্যাধুনিক প্ৰযুক্তি আৰু সামৰ্থ্যৰে সজ্জিত হ’ব ৰাফেল-এম জেট বিমান । এই বিমানসমূহে ভাৰতীয় নৌসেনাৰ বাবে গেম-চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব, যাৰ ফলত ইয়াৰ সাগৰত চলাচল কৰাৰ ক্ষমতা বৃদ্ধি পাব । এই জেট বিমানসমূহ বিমানবাহী জাহাজতো ব্যৱহাৰ কৰা হ’ব, যাৰ ফলত ভাৰতীয় নৌসেনাৰ কৌশলগত শক্তি বহু পৰিমাণে বৃদ্ধি পাব ।
পাকিস্তানৰ দৰে শক্তিৰ বিৰুদ্ধেও ভাৰতে কৌশলগত সুবিধা লাভ কৰিব-
এই চুক্তি কেৱল প্ৰতিৰক্ষা খণ্ডৰ বাবেই গুৰুত্বপূৰ্ণ নহয় বৰঞ্চ ই ভাৰতীয় কৌশলগত শক্তিকো এক নতুন দিশ প্ৰদান কৰিব । ইয়াৰ দ্বাৰা বায়ুসেনা আৰু নৌসেনাৰ সামৰ্থ্য বৃদ্ধি হোৱাই নহয়, চীন আৰু পাকিস্তানৰ দৰে শক্তিৰ বিৰুদ্ধে ভাৰতক কৌশলগত সুবিধা প্ৰদান কৰিব ।