প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আন এক বৃহৎ সফলতা
প্ৰতিৰক্ষা খণ্ডত আৰু এটা খোজ আগুৱালে ভাৰতে । ডি আৰ ডি অ’ই সফলতাৰে পৰীক্ষা কৰিলে এই বিশেষ ব্যৱস্থাৰ-
প্ৰতিৰক্ষা খণ্ডত ভাৰতে লাভ কৰিছে আন এক ডাঙৰ সফলতা । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ই এক ডাঙৰ সফলতা লাভ কৰিছে । মঙলবাৰে চণ্ডীগড়ত যুঁজাৰু বিমানৰ বাবে থলুৱা ইজেকচন ছিটৰ সফল পৰীক্ষণ কৰে ডি আৰ ডি অ’ই । পাইলটসকলে এই ইজেকচন ছিট ব্যৱহাৰ কৰি কাৰিকৰী বিজুতি বা দুৰ্ঘটনাৰ ক্ষেত্ৰত নিজৰ জীৱন ৰক্ষা কৰিব পাৰে । এতিয়ালৈকে বিশ্বজুৰি নিৰ্বাচিত কেইটামান বিমান কোম্পানীয়েহে এনে আসন নিৰ্মাণ কৰি আহিছিল ।
হাই স্পীডত ডি আৰ ডি অ’ৰ সফল পৰীক্ষা-
ভাৰতৰ প্ৰায়বোৰ যুদ্ধ বিমানত মাৰ্টিন-বেকাৰ কোম্পানীৰ আসন লগোৱা হৈছে । চণ্ডীগড়স্থিত ডি আৰ ডি অ’ৰ টাৰ্মিনেল বেলিষ্টিক ৰিচাৰ্চ লেবৰেটৰী (টি বি আৰ এল)ত ঘণ্টাত ৮০০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে এই এচকেপ চিষ্টেম পৰীক্ষা কৰা হয় । এই পৰীক্ষাই কেন’পি চেভাৰেন্স, ইজেকচন ছিকুৱেন্সিং আৰু সম্পূৰ্ণ এয়াৰক্ৰু পুনৰুদ্ধাৰৰ বৈধতা প্ৰদান কৰে ।
ভাৰতৰ নতুন সফলতা-
ভাৰতীয় বায়ুসেনা আৰু ইনষ্টিটিউট অৱ এৰ’স্পেচ মেডিচিন এণ্ড চাৰ্টিফিকেশনৰ বিষয়াসকলে এই পৰীক্ষাটো অনব’ৰ্ড আৰু গ্ৰাউণ্ড বেছড ইমেজিং চিষ্টেমৰ জৰিয়তে চাইছিল । বিশ্বৰ কেইখনমান দেশ যেনে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স আদিয়েহে এনে তীব্ৰবেগী গতিশীল ইজেকচন পৰীক্ষা কৰিব পাৰে । এতিয়া ভাৰত সেই নিৰ্বাচিত গ্ৰুপত যোগ দিছে । এই পৰীক্ষাৰ দ্বাৰা এজন পাইলট প্ৰকৃত উৰণৰ পৰা বাচিব নে নাই সেয়া পৰীক্ষা কৰা হয় ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জনালে অভিনন্দন-
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুঁজাৰু বিমান এচকেপ চিষ্টেমৰ তীব্ৰবেগী ৰকেট স্লেজ পৰীক্ষাৰ সফল পৰিচালনাৰ বাবে ডি আৰ ডি অ’, ভাৰতীয় বায়ুসেনা, এ ডি এ, এইচ এ এল আৰু উদ্যোগক অভিনন্দন জনায় । আত্মনিৰ্ভৰশীলতাৰ পথত ভাৰতৰ থলুৱা প্ৰতিৰক্ষা সামৰ্থ্য তথা প্ৰতিৰক্ষা খণ্ডৰ বাবে ইয়াক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে তেওঁ । ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাতে সমগ্ৰ দলটোক অভিনন্দন জনাই কয় যে তেজছৰ দৰে যুদ্ধ বিমান আৰু আগন্তুক পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানৰ বাবে এয়া এক অতি প্ৰয়োজনীয় অগ্ৰগতি ।
লগতে পঢ়ক : ভাৰতৰ নতুন ভূমিকম্পৰ মানচিত্ৰত ভয়ংকৰ বিপদৰ ইংগিত !