২৮ অক্টোবৰ, সোমবাৰে, বিশ্ব ফুটবলৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈক প্ৰদান কৰা বেলন ডি’অৰ( Ballon d’Or) বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব । কিন্তু বঁটা লাভ দৌৰত নাই ফুটবলৰ দুগৰাকী ডাঙৰ কিংবদন্তী ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছি । বিগত কেইবাবছৰৰ পিছত এয়া প্ৰথমবাৰৰ বাবে হ’বলৈ গৈ আছে ।
আৰ্জেণ্টিনাৰ মেছি আৰু পৰ্তুগীজ তাৰকা ৰোনাল্ডো বিগত ১৬ বছৰত ১৩ বাৰ এই খিতাপ জয় কৰিছে । কিন্তু এইবাৰ তেওঁলোক দুয়োকে মনোনীত কৰা হোৱা নাই । ২০০৩ চনৰ পিছত এয়া প্ৰথমবাৰৰ বাবে হৈছে, য’ত মেছি আৰু ৰোনাল্ডোক মনোনীত কৰা হোৱা নাই ।
লি’অনেল মেছিয়ে সৰ্বাধিক ৮ বাৰ বেলন ডি’অৰ জয় কৰিছে-
মেছি সেই কেইজনমান খেলুৱৈৰ মাজৰ এজন যিয়ে একেৰাহে দুবছৰ ধৰি এই খিতাপ জয় কৰিছে । ২০২২ চনত আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়ন কৰাৰ পিছত তেওঁৰ ৰেকৰ্ড উন্নত কৰি অষ্টমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল । মেছিৰ পূৰ্বে, একেৰাহে দুবাৰ এই বঁটা লাভ কৰা অন্তিমজন খেলুৱৈ আছিল মাৰ্কো ভান বাষ্টেন । নেদাৰলেণ্ডৰ খেলুৱৈজনে ১৯৮৮ আৰু ১৯৮৯ চনত বেলন ডি’অৰ বঁটা লাভ কৰিছিল ।
মেছি আৰু ৰোনাল্ডোৱে আধিপত্য-
এই খিতাপত মেছি আৰু ৰোনাল্ডোৰ আধিপত্য এই কথাৰ পৰা বুজিব পাৰি যে মহান ফৰাচী ফুটবলাৰ জিনেদাইন জিদানে মাত্ৰ এবাৰহে এই বঁটা লাভ কৰিছিল । ৰোনাল্ডিনহো, ৰিভাল্ডো, লুইছ ফিগো আৰু জৰ্জ বেষ্টৰ ক্ষেত্ৰতো একেই কথা । অতীতত ইউৰোপীয় খেলুৱৈসকলৰ মাজত সীমাবদ্ধ থকা বেলন ডি’অৰ কেতিয়াও পেলে বা ডিয়েগো মাৰাডোনাই জিকিব পৰা নাছিল ।
এইবাৰ কোনে এই বঁটা লাভ কৰিব পাৰে ?
ভিনিচিয়াছ জুনিয়ৰক এইবাৰ এই খিতাপ দখলৰ আটাইতকৈ ডাঙৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছে । মেছি আৰু ৰোনাল্ডোৰ আধিপত্য এনেকুৱা আছিল যে ভিনিচিয়াছে এই শতিকাত জন্ম গ্ৰহণ কৰা প্ৰথম বিজয়ী হোৱাৰ সুযোগ পাব । এই খিতাপটো ১৯৯০ ৰ দশকত জন্ম গ্ৰহণ কৰা কোনো খেলুৱৈয়ে জিকিব পৰা নাই । ভিনিচিয়াছৰ সৈতে ৰোড্ৰি, কেলিয়ান এমবাপে, এৰলিং হালেণ্ড, জুড বেলিংহাম আৰু লামিন য়ামালে যোগ দিব । বেলন ডি’অৰ ১৯৫৬ চনৰ পৰা ফ্ৰান্সৰ ফুটবল আলোচনীয়ে প্ৰদান কৰি আহিছে । ফিফা ৰেংকিঙৰ শীৰ্ষ ১০০ খন দেশৰ সাংবাদিকৰ ভোটৰ দ্বাৰা বিজয়ীক বাছনি কৰা হয় ।