ভাৰতত এতিয়া ৰঞ্জী ট্ৰফীৰ বতৰ চলি আছে । এই ট্ৰফীৰ এলিট গ্ৰুপ-এৰ এখন খেলত এক আশ্চৰ্যকৰ দৃশ্য দেখা গ’ল । এই মেচখনত ২০ ৰাণৰ ভিতৰতে আউট হৈ ১০ জনকৈ বেটছমেন পেভিলিয়নলৈ উভতি আহে । ইয়াৰে ৫ জনে একাউণ্ট খুলিবলৈও সক্ষম নহ’ল । একে সময়তে, মুঠ ৯ জন বেটছমেনে দহকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে । মেঘালয় আৰু জম্মু-কাশ্মীৰৰ মাজত অনুষ্ঠিত হৈছিল এইখন মেচ । যাৰ প্ৰথম ইনিংছত মেঘালয়ৰ অৱস্থা ইমানেই শোচনীয় হয় যে দলটো ৭৩ ৰাণতে অল আউট হয় ।
৭৩ ৰাণত অল আউট-
এই মেচত মেঘালয় দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, তাৰ পিছতে দলটোৰ বেটিং লাইনত খহনীয়া আৰম্ভ হৈছিল । অ’পেনাৰ বামনভা শ্বাংপ্লিয়াং আৰু অৰ্পিত ভাটেৱাৰাই দলটোক ভাল আৰম্ভণি দি প্ৰথম উইকেটত ৫৩ ৰান সংযোজন কৰে । এই স্ক’ৰত দলটোৱে বামনভাৰ (২১) ৰূপত প্ৰথমটো উইকেট হেৰুৱাই । তাৰ পিছত অৰ্পিতো (২৪) পেভিলিয়নমুখী হয় । ইয়াৰ পৰাই মেঘালয়ৰ ইনিংছ থৰক-বৰক হৈ পৰে আৰু সমগ্ৰ দলটো ৭৩ ৰানতে অল আউট হয় ।
২০ ৰানৰ ভিতৰত ১০ জন বেটছমেন আউট-
যেতিয়া মেঘালয়ে প্ৰথমটো উইকেট হেৰুৱাইছিল তেতিয়া দলটোৰ স্ক’ৰ আছিল ৫৩ ৰান । পৰৱৰ্তী ২০ ৰান যোগ হোৱাৰ সময়লৈকে দলটোৰ ১০ জন বেটছমেন পেভিলিয়নলৈ উভতি আহিছিল । আনকি মেঘালয়ৰ ৫ জন বেটছমেন শূণ্যত আউট হোৱাৰ বিপৰীতে মুঠ ৯ জন বেটছমেনে দহকৰ ঘৰতো উপনীত হ’ব নোৱাৰিলে । জম্মু-কাশ্মীৰৰ আউকিব নবি আৰু আবিদ মুস্তাকে বিধ্বংসী ৰূপ ধাৰণ কৰি ৫টাকৈ উইকেট দখল কৰে ।
জম্মু-কাশ্মীৰৰ বেটিঙো থৰক-বৰক হৈ পৰে-
মেঘালয়ৰ বেটিং পতনৰ পিছত জম্মু-কাশ্মীৰৰ ইনিংছো থৰক-বৰক হয় । ষ্টাম্পৰ সময়লৈকে দলৰ ৬ জন বেটছমেনে মাত্ৰ ১২৫ ৰানৰ দলীয় স্ক’ৰেতে পেভিলিয়নলৈ উভতি আহে । ছাহিল লোত্ৰা (১৬ ৰান*) আৰু আবিদ মুস্তাক (৪ ৰান*) অপৰাজিত হৈ উভতি আহে । ইনিংছ মুকলিৰ সময়ত শুভম খাজুৰিয়া (১৯) আৰু আহমেদ বাণ্ড (২৪) কয় সময়তে আউট হয় । বিৱৰন্ত শৰ্মাই শূণ্যতে পেভিলিয়নমুখী হয় । আনহাতে আব্দুল ছামাদে ৩৪ ৰানৰ ইনিংছ খেলি পেভিলিয়নলৈ উভতি আহে । পৰশ ডোগ্ৰা আৰু শিৱংশ শৰ্মাই ক্ৰমে ১২ আৰু ৯ ৰান সংগ্ৰহ কৰে ।